ধিঙৰ কিশোৰী নিৰ্যাতন কাণ্ডৰ মূল অভিযুক্তৰ মৃত্যু
ৰঙিলী বাৰ্ত্তাসেৱা- ধিঙৰ জঘন্য ঘটনাৰ অন্যতম অভিযুক্ত তফাজ্জুল ইছলামৰ মৃত্যু। আৰক্ষীৰ জিম্মাতে মৃত্যু হয় ৰাজ্য কঁপাই যোৱা ধিং-কাণ্ডৰ অন্যতম অভিযুক্ত তফজ্জুল ইছলামৰ । উল্লেখ্য যে, আৰক্ষীয়ে বিভিন্ন তথ্যৰ ভিত্তিত শুকুৰবাৰে নিশা গ্ৰেপ্তাৰ কৰিছিল ধিঙৰ অমানৱীয় নাবালিকা ধৰ্ষণ-কাণ্ডৰ অভিযুক্ত তফজ্জুলক । আৰক্ষীয়ে লাভ কৰা তথ্যৰ ভিত্তিত নিশ্চিত হয় যে এই নাৰকীয় ঘটনাৰ মাষ্টাৰমাইণ্ড আছিল তফজ্জুল । ইয়াৰ পিচত শুকুৰবাৰে নিশা তফজ্জুলক সোধা-পোছাৰ অন্তত তদন্তৰ বাবে ঘটনা সংঘটিত স্থানলৈ লৈ গৈছিল আৰক্ষীয়ে । শনিবাৰে পুৱতি নিশা ৪ মান বজাত ঘটনাস্থলীলৈ আৰক্ষীয়ে লৈ যায় তফজ্জুলক । কিন্তু সেই সময়তে তফজ্জুলে হেণ্ডকাফ পৰিহিত অৱস্থাতে ওচৰতে থকা পুখুৰীত জঁপিয়াই পলাবলৈ চেষ্টা কৰে । কিন্তু দুয়ো হাত বন্ধা থকাৰ বাবে সাঁতুৰিব নোৱাৰি পানীত ডুব যায় তফজ্জুল । ইয়াৰ পিচত আৰক্ষীয়ে অভিযুক্ত তফজ্জুলক উদ্ধাৰৰ বাবে চেষ্টা কৰে যদিও বিফল হোৱাত এছ ডি আৰ এফ বাহিনীক খবৰ দিয়ে । ঘটনাস্থলীত এছ ডি আৰ এফৰ দল উপস্থিত হৈ প্ৰায় দুঘণ্টা ধৰি চলোৱা অভিযানৰ অন্তত তফজ্জুলৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।উল্লেখযোগ্য যে ধিঙত এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰীক টিউছনলৈ যোৱাৰ সময়ত অপকৰ্ম কৰি পথৰ দাঁতিত পেলাই থৈ গৈছিল তিনি দুৰ্বৃত্তই।ইয়াৰ পিচত স্থানীয় লোকে নাবালিকাগৰাকীক প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে । আৰক্ষীয়ে নাবালিকাগৰাকীক উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰায় । বৰ্তমানো চিকিৎসাধীন অৱস্থাত আছে এইগৰাকী অমানৱীয় কাণ্ডৰ বলি হোৱা কিশোৰী । এই ঘটনাৰ পিছতে ৰাজ্যজুৰি প্ৰতিবাদৰ জোৱাৰ উঠিছিল। সকলোৱে একেমুখে দোষীক উচিত শাস্তি দিয়াৰ দাবী তুলিছিল।