ধিং মহাবিদ্যালয়ৰ গ্ৰন্থগাৰিক ডক্টৰ মাণিক উজ জামান চৌধুৰীৰ বিৰুদ্ধে সাধাৰণ সভাত গৰিহণা প্ৰস্তাৱ গ্ৰহণ

ধিং মহাবিদ্যালয়ৰ গ্ৰন্থগাৰিক ডক্টৰ মাণিক উজ জামান চৌধুৰীৰ বিৰুদ্ধে সাধাৰণ সভাত গৰিহণা প্ৰস্তাৱ গ্ৰহণ

ৰঙিলী বাৰ্ত্তাসেৱা-  নগাওঁ জিলাৰ বৃহত্তৰ টুকটুকী অঞ্চলৰ কটহগুৰী টুকটুকী দাৰুল উলুম মাদ্ৰাছাৰ প্ৰাংগণত অনুষ্ঠিত হোৱা এক সাধাৰণ সভাত ধিং মহাবিদ্যালয়ৰ গ্ৰন্থগাৰিক তথা টুকটুকী নিবাসী ডক্টৰ মাণিক উজ জামান চৌধুৰীৰ বিৰুদ্ধে সাধাৰণ সভাত গৰিহণা প্ৰস্তাৱ গ্ৰহণ কৰা হয়।জানিব পৰা মতে কটহগুৰী আঞ্চলিক জামে মছজিদত যোৱা বৰ্ষত অনুষ্ঠিত হৈ যোৱা খানকায়ে আহমদিয়া পৰিচালনা সমিতিৰ উদ্যোগত কটহগুৰী টুকটুকী দাৰুল উলুম মাদ্ৰাছাৰ প্ৰাংগণত আজি সমাজ কৰ্মী তথা প্ৰাক্তন শিক্ষক আব্দুল ৰশিদৰ সভাপতিত্বত এক সাধাৰণ সভা অনুষ্ঠিত হৈ যায়।সাধাৰণ সভাখনত ডক্টৰ মাণিক উজ জামান চৌধুৰীক পৰিচালনা সমিতিৰ সদস্য পদ নিদিয়াৰ বাবে খানকা পৰিচালনা সমিতিৰ সভাপতিক গালি গালজ পাৰা,সামাজিক মাধ্যমত ভুৱা প্ৰচাৰ চলোৱা,সাধাৰণ সভা বাতিল কৰাৰ বাবে প্ৰচেষ্টা চলোৱাৰ লগতে অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ পৰিচালনা সমিতিত সোমাই বেমেজালিৰ সৃষ্টি কৰা আদিৰ ওপৰত বহল বাবে আলোচনা কৰা হয়।সভাৰ অন্তত সকলো ৰাইজৰ সৰ্ব সন্মতি ক্ৰমে অহা ৩০ এপ্ৰিলৰ ভিতৰত কটহগুৰী আঞ্চলিক জামে মছজিদ কমিটিয়ে সাধাৰণ সভা অনুষ্ঠিত কৰা,ডক্টৰ মাণিক উজ জামান চৌধুৰীক অঞ্চলটোৰ কোনো অনুষ্ঠান প্ৰতিষ্ঠানৰ পৰিচালনা সমিতিত সদস্য নিদিয়াৰ লগতে তেওঁৰ ওপৰত গৰিহণা প্ৰস্তাৱ গ্ৰহণ কৰা হয়। উক্ত সাধাৰণ সভাতেই যোৱা বৰ্ষৰ খানকায়ে আহমদিয়াত ৰাহি হোৱা ৫,৫৮৯৯০ টকা কটহগুৰী আঞ্চলিক জামে মছজিদৰ নতুন কমিটিক সমজাই দিয়াৰ প্ৰস্তাৱও গ্ৰহণ কৰে।উক্ত সাধাৰণ সভা খনত কটহগুৰী গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি হাসেন মিৰ্দ্ধা,ৰাইহান চৌধুৰী, প্ৰাক্তন আঞ্চলিক সদস্য আব্দুল আজিজ খান, কটহগুৰী সমবায় সমিতিৰ প্ৰাক্তন সভাপতি আব্দুল আজিজ, উপ সভাপতি জহিৰুল ইছলাম,শিক্ষক চৈইদুৰ ৰহমান, ছিদ্দিক খান,শিক্ষক জনাল আবদিন,সমাজ কৰ্মী শ্বহীদুল ইছলাম ,প্ৰৱক্তা ইকবাল বাহাৰ চৌধুৰীকে আদিকৰি প্ৰায় দুই শতাধিক ৰাইজ উপস্থিত আছিল।