ধিং আৰক্ষীৰ ড্ৰাগছ বিৰোধী সফল অভিযান

ধিং আৰক্ষীৰ ড্ৰাগছ বিৰোধী সফল অভিযান

টুকটুকী,ৰঙিলী বাৰ্ত্তাসেৱা- নগাঁও জিলাৰ ধিং থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজা ইৰশ্বাদে জুৱাৰী ,গাঞ্জা বেপাৰীৰ পিছত আজি পুনৰ চাৰি গৰাকী ড্ৰাগছ ব্যৱসায়ীক ড্ৰাগছ সহ আটক কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে, আজি ৰাতিপুৱা ২ মান বজাত এক গোপন সূত্ৰৰ পম খেদি ধিং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজা ইৰশ্বাদৰ নেতৃত্বত এটি আৰক্ষীৰ দলে ধূপগুৰি ঢাকাই বস্তি গিয়াছ উদ্দিনৰ বাসগৃহত অভিযান চলাই ড্ৰাগছ সহ চাৰি জনক হাতে-লুটে কৰায়ত্ব কৰিবলৈ সক্ষম হয়। ব্যৱসায়ী কেইজনৰ পৰা আৰক্ষীয়ে ১২.৫৬ গ্ৰাম ড্ৰাগছ আৰু ১১ টা প্লাষ্টিকৰ খালী চাদাৰ টেমাৰ লগতে দুটা ম’বাইল আৰু এটা বেগ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।আটকাধিন লোক কেইজন ধুপগুৰি ঢকাইবস্তিৰ ইনজামুল হুছেইন,গিয়াছুদ্দিন, ৰেহেনা বেগম,আৰু মৈৰাবৰী তাঁতীকটা পথাৰৰ শ্বৰিফুল ইছলাম বুলি জানিব পৰা গৈছে। ব্যৱসায়ী কেইজনক জেল হাজতলৈ প্ৰেৰণ কৰা হব বুলি জানিব দিযে ভাৰপ্ৰাপ্ত বিষয়া ৰাজা ইৰশ্বাদে।