ধনীৰ ধন দুখীয়াৰ মন
মুনিন্দ্ৰ বৈশ্য
ওদালগুৰি অসামৰিক চিকিৎসালয়, বৰ্ণগাঁও
‘এখন কিতাপ কিনাৰ কাহিনী’ শীৰ্ষক ৰচনাখনত বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঞিয়ে এজন ব্যক্তিৰ মহানুভৱতাৰ বিষয়ে এটা চিত্তাকৰ্ষক বৰ্ণনা দিছে। কাহিনীটো আছিল গুৱাহাটীৰ।
প্ৰায় ত্ৰিছ বছৰমান পূৰ্বৰ কথা। বৰগোহাঞিয়ে গুৱাহাটী গ্ৰন্থমেলালৈ গৈ এসোপামান কিতাপ কিনি কিনি জেপ উদংপ্ৰায় কৰি দিছিল। তথাপিও কিতাপৰ ওপৰত চকু ফুৰাব এৰা নাছিল। তেনেতে এখন বিশেষ কিতাপত তেওঁৰ দৃষ্টি নিবদ্ধ হ’ল। কিতাপখনৰ পাত লুটিয়াই সূচিপত্ৰখন দেখিয়েই তেওঁৰ জিভাৰ পানী বাধাহীন হৈ বব ধৰিলে। কিন্তু কিতাপখনৰ দাম আছিল অধিক, আৰু ইতিমধ্যে কেইবাখনো কিতাপ কিনাৰ বাবে তেওঁৰ হাতত সেই বিশেষ কিতাপখন কিনিব পৰাকৈ ধন নাছিল। সেয়ে তেওঁ বিষাদমনে কিতাপখন য’ৰ পৰা লৈছিল তাত আকৌ থৈ দিলে। কিতাপখন থৈ দিলে ঠিকেই, কিন্তু কিতাপখন কিনিব নোৱৰা দুখে তেওঁক বাৰুকৈয়ে দহিছিল। কিন্তু স্বয়ং ভগৱানেই যেতিয়া বিচাৰিব, তেতিয়া আপোনাক বাধা দিব পাৰে কোনে? বৰগোহাঞিৰ ক্ষেত্ৰতো সেয়াই হৈছিল। পাঠকৰ মূল্য হৃদয়ংগম কৰিব পৰা প্ৰকাশন গোষ্ঠীৰ বিষয়া এগৰাকীয়ে কিতাপখন তেওঁৰ হাতত তুলি দি নম্ৰ হাঁহি এটা মাৰি কৈছিল― “আমি কেৱল টকাৰ মুখলৈ নাচাওঁ, গ্ৰাহকৰ মুখলৈও চাওঁ। কোনে কি কিতাপ কিনিছে তাৰ দ্বাৰা আমি গ্ৰাহকজনৰ গ্ৰন্থৰ ৰুচি আৰু শিক্ষা-দীক্ষাৰো অলপ আভাস পাওঁ। মই নিবিচাৰোঁ যে মাত্র ১০০টা টকাৰ কাৰণে আপুনি এই কিতাপখন এৰি থৈ যাওক।”
ঘটনাটো মনলৈ আহিল অসমৰ আন এগৰাকী প্ৰখ্যাত সাহিত্যিক ডঃ বৰুৱাই (ছদ্ম নাম) সেই একেখন গুৱাহাটীতে সন্মুখীন হোৱা অন্য এটা কাহিনী এই লেখকৰ আগত বৰ্ণনা কৰাত। এইটো ঘটনাও প্ৰায় ত্ৰিছ বছৰ আগৰে। ডঃ বৰুৱা স্বনামধন্য সাহিত্যিক, লগতে তেতিয়া আছিল অসম চৰকাৰৰ এটা গুৰুত্বপূৰ্ণ বিভাগৰ মূৰব্বী বিষয়া। তেওঁ বহুদিন ধৰি বেমাৰত ভুগি আছিল। চিকিৎসকে তেওঁৰ কেন্সাৰ হোৱাৰ সম্ভাৱনা ব্যক্ত কৰি এগৰাকী বিশেষ চিকিৎসকৰ পৰামৰ্শ ল’বলৈ দিহা দিছে। ডঃ বৰুৱা ওলাল সেই বিশেষ চিকিৎসকগাৰকীৰ চেম্বাৰলৈ বুলি। কিন্তু চেম্বাৰত উপস্থিত হৈ ডঃ বৰুৱাই দেখিলে যে তেওঁৰ জেপত মানিবেগটো নাই। তেওঁৰ কিন্তু ভালকৈ মনত আছে যে মানিবেগটো ঘৰৰ পৰা আনিছিল। তেতিয়া মোবাইল ফোনে চাহিদা লাভ কৰা নাই; ফোন পে’, গুগল পে’ কল্পনাৰো অতীত। ডঃ বৰুৱাই ইফালে-সিফালে কোনোবা চিনাকি মানুহ লগ পাই নেকি বিচাৰিলে, কাকো নাপালে। কিবা বিকল্প ব্যৱস্থা কৰিব পাৰে নেকি তাকো মাথা মাৰি চালে; কিন্তু নোৱাৰিলে। ইফালে ঘৰলৈ আহি পইচা লৈ আকৌ চেম্বাৰলৈ যাবলৈও সময়ে অনুমতি নিদিয়ে। মুঠতে তেওঁ এটা ডাঙৰ সমস্যাত পৰিল। কি কৰিম কি নকৰিম বুলি ভাবি উপায়ন্তৰ হৈ তেওঁ উপস্থিত হ’লগৈ ৰেজিষ্ট্ৰেন কাউণ্টাৰত। ৰিছিপচনিষ্টগৰাকীৰ আগত তেওঁ সন্মুখীন হোৱা সমস্যাটো বিবৰিলে। পিছে তেওঁ কোনো সমিধান দিব নোৱাৰিলে। নোৱৰাটোৱে স্বাভাৱিক।
এইবাৰ ডঃ বৰুৱা উপস্থিত হ’লগৈ বেমাৰ দেখুৱাব যোৱা চিকিৎসকগৰাকীৰ আগত। তেওঁৰ আগতো সমস্যাটো বিবৰি তেওঁ ক’লে― “এটা অপ্ৰত্যাশিত বিপদত পাৰিলোঁ। মই ঘৰৰ পৰা মানিবেগটো আনিছিলোঁ ঠিকেই, কিন্তু ইয়াত উপস্থিত হৈ দেখো যে জেপত মানিবেগটো নাই। ইফাল মোৰ লগত লগত এটকাও নাই। কোনোবা চিনাকি মানুহ পাওঁ নেকি চালোঁ, কিন্তু সেইফালেও বিফল। আনহাতে ঘৰলৈ গৈ পইচা আনি পোৱালৈকে মই আহি আপোনাক লগ নাপাম। গতিকে মোক পৰীক্ষা কৰি দিয়াৰ ব্যৱস্থা কৰিবলৈ আপোনাক অনুৰোধ কৰিছোঁ। কাইলৈ মই নিজে আহি পইচা দি যাম।” চিকিৎসকগৰাকীয়েও গা এৰা দিলে। এটা হতাশ মন লৈ ডঃ বৰুৱা ঘৰলৈ উভটিল।
গ’ল কথা গুছিল। এসপ্তাহমান পিছত এদিন তেওঁ অন্য কামত ওলাই গৈছিল। গৈ থাকোঁতে ভাবিলে, হয়তো সিদিনাখন তেওঁ গাড়ীত পেট্ৰ’ল ভৰাই পইচা দিওঁতে তাতেই মানিবেগটো হেৰুৱাইছে। কথাটো মনলৈ অহাত তেওঁ এনেয়ে তাতে কিছু সময় পাইচাৰি কৰি থাকিল। এনেতে তেল যোগান ধৰা ল’ৰা এজন আহি তেওঁক সুধিলে― “ছাৰ, কি বিচাৰিছে? কিবা হেৰাইছে নেকি?”
ডঃ বৰুৱাই তাৎক্ষণিকভাৱে একো প্ৰতিক্ৰিয়া নেদেখুৱালে। মানে মানিবেগ হেৰুওৱা কথাটো ক’বলৈ ইতস্ততবোধ কৰিলে।
হঠাৎ ল’ৰাজনে অত্যুৎসাহেৰে ক’লে― “হয় ছাৰ হয়, আপুনিয়ে হয়। মই বুজিছোঁ আপোনাৰ মানিবেগটো হেৰাইছে। সিদিনা তেল ভৰাব আহোঁতে ইয়াত পৰি গৈছিল, মই ৰাখি থৈছোঁ। মানিবেগটোত থকা ফটোখনত দেখি মই আপোনাক চিনি পাইছোঁ। আপুনি অলপ ৰ’ব মই মানিবেগটো লৈ আহোঁ।” এইবুলি কৈ ল’ৰাজন ভিতৰলৈ গৈ মানিবেগটো আনি ডঃ বৰুৱাৰ হাতত তুলি দিলে।
গ্ৰন্থমেলাৰ বিপনিত পইচাৰৰ অভাৱত মনে বিচৰা কিতাপখন বিষাদমনে এৰি থৈ আহিব ওলোৱা বৰগোহাঞিৰ হাতত বিষয়াজনে এশ টকা কমকৈ ৰাখি যেতিয়া কিতাপখন তুলি দিছিল, তেতিয়া বৰগোহাঞিয়ে তেওঁক কৃতজ্ঞতা জনাবলৈ ভাষা বিচাৰি পোৱা নাছিল। সেয়ে তেওঁ পৰৱৰ্তী সময়ত মানুহজনক কৃতজ্ঞতা জনাই কাকতত লিখিছে― “মানুহজনক ধন্যবাদ দিবলৈ মই ভাষা বিচাৰি নাপালোঁ। মুখৰ ভিতৰতে কিবাকিবি বিৰবিৰাই মই কিতাপখনৰ দামটো দি ওলাই গুচি আহিলোঁ।”
ইফালে তেল যোগান ধৰা ল’ৰাজনে যেতিয়া ডঃ বৰুৱাৰ হাতত অক্ষত অৱস্থাত থকা মানিবেগটো তুলি দিছিল, তেতিয়া ল’ৰাজনক ধন্যবাদ জনাবলৈ তেৱোঁ ভাষা বিচাৰি পোৱা নাছিল। মাথোঁ “আকৌ লগ পাম”― তিনিটা শব্দ উচ্চাৰণ কৰি তেওঁ গাড়ীত উঠি বিদায় লৈছিল।
কিছুদিন পিছত ডঃ বৰুৱা আকৌ তেলডিপোটোত উপস্থিত হ’ল। ল’ৰাজনক লগ ধৰি তাৰ হাতত বাতৰি কাকত এখন তুলি দি এটা নিৰ্দিষ্ট পৃষ্ঠালৈ আঙুলিয়াই দি ক’লে― “এইখিনি পঢ়ি চাবা।”
এইবুলি কৈ ডঃ বৰুৱাই খোজ লৈছিলেই। এনেতে ল’ৰাজনে মাত লগালে― “ছাৰ, মই অসমীয়া ক’বহে জানো, পঢ়িব নাজানো। কি লিখা আছে আপুনিয়ে পঢ়ি শুনাওকচোন।”
ডঃ বৰুৱাই লেখাটো এফালৰ পৰা পঢ়ি গ’ল। ল’ৰাজনে একান্তমনে শুনি গ’ল। তাৰ চকুৱে যেন বৰষুণহে দিব ধৰিলে। মুখেৰে এটা শব্দও উচ্চাৰণ কৰিব নোৱাৰিলে; মাথোঁ ডঃ বৰুৱাক এটা সেৱা জনালে।
তিনিওজনৰ জাত একেই― মানুহ; তেজ-মঙহেৰে গঢ়া। পার্থক্য মাথোঁ এটাই― চিন্তাধাৰাৰ। উচ্চ শিক্ষিত ধনীজনৰ বাবে ধনেই সৰ্বেসৰ্বা আৰু অৰ্ধশিক্ষিত (?) দুখীয়া (?) দুজনৰ বাবে মন। পিছে নিম্ন চিন্তাধাৰাৰ উচ্চ শিক্ষিত ধনী হোৱাতকৈ উচ্চ চিন্তাধাৰাৰ অৰ্ধ শিক্ষিত দুখীয়া হ’ব পৰাটোও সমাজৰ বাবে কম মঙ্গলজনক নহয়। কাৰণ মানৱৰ সমাজত ধনীৰ ধনতকৈ দুখীয়াৰ মনৰ মূল্য অধিক।