দৰঙৰ ঐতিহাসিক কৃষক ছহিদ বাকৰি পথৰুঘাট ভ্ৰমণ ৰাজ্যপালৰ
মঙলদৈ, ৰঙিলী বাৰ্ত্তাসেৱা- অসমৰ ৰাজ্যপাল লক্ষ্মণপ্ৰসাদ আচাৰ্যই আজি দৰঙৰ ঐতিহাসিক কৃষক ছহিদ বাকৰি পথৰুঘাট ভ্ৰমণ কৰি ১৮৯৪ চনৰ ২৮ জানুৱাৰীত ভূমি ৰাজহ স্বেচ্ছাচাৰীভাৱে বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি ইংৰাজৰ গুলীত প্ৰাণ ত্যাগ কৰা কৃষক ছহিদ সকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । পথৰুঘাটৰ ছহিদ সমাধি ক্ষেত্রত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি ৰাজ্যপাল শ্ৰী আচাৰ্যই কয় যে বিদেশী আধিপত্যৰ বিৰুদ্ধে কাম কৰিবলৈ অসমৰ জনসাধাৰণৰ অদম্য দায়বদ্ধতাৰ সাক্ষী হিচাপে ছহিদ সকলৰ আত্মত্যাগ স্বকীয় ৰূপত জিলিকি আছে। ৰাজ্যপালগৰাকীয়ে কয় যে ছহিদ সকলৰ ঔপনিৱেশিক প্ৰশাসনৰ বিৰুদ্ধে তেওঁলোকৰ বিদ্ৰোহ আৰু বলিদান অসমীয়া জনসাধাৰণৰ অটল স্বভাৱ আৰু প্ৰতিৰোধৰ এক শক্তিশালী সোঁৱৰণ । ৰাজ্যপালগৰাকীয়ে কয় যে, “এই ক্ষেত্র পৰিদৰ্শন কৰি পথৰুঘাটৰ সকলো ছহিদ লৈ শ্ৰদ্ধাঞ্জলি জনোৱাটো অতি গৌৰৱৰ বিষয়। তেওঁলোকৰ ত্যাগেই বিদেশী শক্তিৰ বিৰুদ্ধে আমাৰ প্ৰতিৰোধৰ মনোভাৱৰ উদাহৰণ দাঙি ধৰিছিল। ” ৰাজ্যপাল শ্ৰী আচাৰ্যই ছহিদ স্তম্ভৰ চৌহদত গছপুলি ৰোপণ কৰি ‘এক পেৰ কিছানো কে নাম’ নামেৰে সম্বোধন কৰে, যিটোৱে কৃষকসকলৰ ত্যাগক সোঁৱৰাই দিব বুলি তেওঁ কয়। ৰাজ্যপালৰ ভ্ৰমণৰ সময়ত জিলাখনৰ জন প্ৰতিনিধি সকলৰ উপৰিও জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষক উপস্থিত থাকে।