দৰঙত মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ অধীনত আৰ্থিক অনুদান প্ৰদান

দৰঙত মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ অধীনত আৰ্থিক অনুদান প্ৰদান

মঙলদৈ,ৰঙিলী বাৰ্ত্তাসেৱা-  ৰাজ্যৰ আন ঠাইৰ লগতে দৰং জিলাতো যোৱাকালি মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ অধীনত আৰ্থিক অনুদান প্ৰদান কৰা হয়। এই উপলক্ষে মঙলদৈৰ জিলা পুথিভঁৰালত অনুষ্ঠিত হোৱা অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকে মঙলদৈ সমষ্টিৰ বিধায়ক বসন্ত দাস। বিধায়কগৰাকীয়ে ভাষণ প্ৰদান কৰি কয় যে ছাত্ৰীসকলৰ বাবে গ্ৰহণ কৰা এই আঁচনিখনে ছাত্ৰীসকলক সুপ্ৰতিষ্ঠিত কৰিব। তেওঁ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক নাৰী সৱলীকৰণৰ বাবে গ্ৰহণ কৰা এনে আঁচনিৰ বাবে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ ছাত্ৰীসকলক পঢ়া-শুনা কৰি নিজকে প্ৰতিষ্ঠা কৰাৰ লগতে মানৱ সম্পদৰূপে গঢ়িব লাগিব আৰু সমাজ তথা দেশখনক আগুৱাই নিব লাগিব বুলি কয়। অনুষ্ঠানত দৰঙৰ জিলা আয়ুক্ত পৰাগ কুমাৰ কাকতীয়ে আদৰণি ভাষণ প্ৰদান কৰে। অনুৰূপধৰনে ছিপাঝাৰ সমজিলাত নিযুত মইনা আঁচনিৰ আৰ্থিক অনুদান প্ৰদান অনুষ্ঠান ছিপাঝাৰ শ্বহীদ ভৱনত অনুষ্ঠিত হয়। অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকে ছিপাঝাৰ সমষ্টিৰ বিধায়ক ড° পৰমানন্দ ৰাজবংশী। ভাষণত  তেওঁ কয় যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ এই পদক্ষেপে বাল্য বিবাহ প্ৰতিৰোধ কৰাৰ লগতে বিত্তীয় বাধা নেওচি আগবাঢ়ি যাবলৈ ছাত্ৰীসকলক প্ৰেৰণা যোগাব। তেওঁ মুখ্যমন্ত্ৰীক এনে অভিলাষী আঁচনি গ্ৰহণ কৰাৰ বাবে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে। দৰঙৰ দলগাঁও সমজিলাত দলগাঁও চক্ৰ বিষয়াৰ কাৰ্যালয় প্ৰাংগনত নিযুত মইনা আঁচনিৰ অধীনত আৰ্থিক অনুদান প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয় আৰু মুখ্য অতিথিৰূপে উপস্থিত থাকে দলগাঁও সমষ্টিৰ বিধায়ক মজিবুৰ ৰহমান।তেওঁ মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ সুবিধা গ্ৰহণ কৰি বিদ্যায়তনিক ক্ষেত্ৰত আগবাঢ়ি যাবলৈ ছাত্ৰী সমাজৰ প্ৰতি আহ্বান জনায়। এই অনুষ্ঠানসমূহত দিছপুৰত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এই আঁচনিৰ আৰ্থিক অনুদান প্ৰদানৰ শুভাৰম্ভণি অনুষ্ঠান আৰু তেখেতৰ ভাষণৰ পোনপটীয়া সম্প্ৰচাৰ প্ৰদৰ্শন কৰা হয়। উদ্বোধনী অনুষ্ঠানসমূহত জিলাখনৰ সমজিলা আয়ুক্তদ্বয়, অতিৰিক্ত আয়ুক্ত সকল, বিভিন্ন বিভাগৰ বিষয়া,শিক্ষানুষ্ঠানসমূহৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰীসকল উপস্থিত থাকে। উল্লেখ্য যে দৰং জিলাত মঙলদৈ সমষ্টিৰ ১৫১৭ গৰাকী ছাত্ৰী, ছিপাঝাৰ সমষ্টিৰ ১৪২৩ গৰাকী আৰু দলগাঁও সমষ্টিৰ ৭০২ গৰাকী ছাত্ৰীক লৈ সৰ্বমুঠ ৩৬৪২ গৰাকী ছাত্ৰীয়ে নিযুত মইনা আঁচনিৰ অধীনত আৰ্থিক অনুদান লাভ কৰে।