দৰঙত নিৰ্বাচনৰ সাধাৰণ পৰ্যবেক্ষক আৰু আৰক্ষী পৰ্যবেক্ষকৰ পৰ্যালোচনা সভা

দৰঙত নিৰ্বাচনৰ সাধাৰণ পৰ্যবেক্ষক আৰু আৰক্ষী পৰ্যবেক্ষকৰ পৰ্যালোচনা সভা

মঙলদৈ, ৰঙিলী বাৰ্ত্তাসেৱা- আগন্তুক লোকসভা নিৰ্বাচন উপলক্ষে ভাৰতীয় নিৰ্বাচন আয়োগে ৪নং দৰং – ওদালগুৰি লোকসভা সমষ্টিৰ বাবে নিয়োগ কৰা সাধাৰণ পৰ্যবেক্ষক ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া ডঃ এম আৰ ৰবি আৰু আৰক্ষী পৰ্যবেক্ষক ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া টি পানাচা ৰেড্ডীয়ে কালি দৰং জিলাত নিৰ্বাচনৰ প্ৰস্তুতিৰ বুজ লয়। সাধাৰণ পৰ্যবেক্ষক আৰু আৰক্ষী পৰ্যবেক্ষক দুগৰাকী দৰঙৰ জিলা আয়ুক্তৰ কাৰ্য্যালয়ৰ সভাগৃহত অনুষ্ঠিত এখন সভাত নিৰ্বাচনৰ প্ৰতিটো কোষৰ ন’ডেল বিষয়া আৰু দায়িত্বত থকা বিষয়াসকলৰ সৈতে নিৰ্বাচনৰ প্ৰস্তুতিৰ বিভিন্ন দিশ আলোচনা কৰে। জিলা আয়ুক্ত তথা দৰঙৰ জিলা নিৰ্বাচন বিষয়া মুণীন্দ্ৰ নাথ ঙাটেয়ে বিষয়া দুগৰাকীক জিলাখনলৈ আদৰণি জনাই নিৰ্বাচন সুকলমে অনুষ্ঠিত কৰাৰ বাবে জিলাখনৰ সামগ্ৰিক প্ৰস্তুতিৰ বিষয়ে বিস্তৃতভাবে অৱগত কৰে। জিলা আয়ুক্ত গৰাকীয়ে এক পাৱাৰ পইন্ট প্ৰেজেণ্টেচনৰ জৰিয়তে নিৰ্বাচনী প্ৰস্তুতিৰ বিষয়ে অৱগত কৰে। সাধাৰণ পৰ্যবেক্ষক গৰাকীয়ে এই পৰ্যালোচনা সভাত নিৰ্বাচনী আচৰণ বিধি ভংগ কৰাৰ ওপৰত চোকা নজৰ ৰখাত গুৰুত্ব আৰোপ কৰে । এই প্ৰসঙ্গত তেওঁ ফ্লাইং স্কোৱাড, ষ্টেটিক চাৰ্ভিলেন্স দল, ভিডিঅ’ নিৰীক্ষণ আদিৰ অভিযান আৰু কামকাজ সম্পৰ্কে বুজ লয়। দৰং – ওদালগুৰি লোকসভা সমষ্টিৰ সাধাৰণ পৰ্যবেক্ষক ডঃ এম আৰ ৰবিয়ে জিলাখনৰ নিৰ্বাচনী শুভংকৰ প্ৰতীক ‘দৰঙী’ৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰে আৰু জিলা আয়ুক্ত গৰাকীয়ে এই শুভংকৰ প্ৰতীক আৰু দৰঙী লোককৃষ্টিৰ বিষয়ে তেওঁক চমুকৈ অৱগত কৰে। পৰ্যবেক্ষক গৰাকীয়ে আগন্তুক নিৰ্বাচনত জিলাখনৰ সকলো ভোটদাতাই ভোটদান কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি যুৱ প্ৰজন্মৰ ভোটাৰৰ মাজত এই ক্ষেত্ৰত সজাগতা বৃদ্ধিৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰে। সভাত তেওঁ দৰঙৰ স্বীপ (প্ৰণালীবদ্ধ ভোটাৰ শিক্ষা আৰু ভোটগ্ৰহণত অংশগ্ৰহণ) কোষে গ্ৰহন কৰা কাৰ্য্যসূচীৰ পৰ্যালোচনা কৰে।স্বীপ কোষৰ সজাগতামূলক প্ৰচাৰ অভিযানৰ সময়ত যুৱ প্ৰজন্মৰ মাজত cVIGIL এপ জনপ্ৰিয়কৰণৰ প্ৰয়োজনীয়তাৰ কথাও তেওঁ উল্লেখ কৰে। আৰক্ষী পৰ্যবেক্ষক টি পানাচা ৰেড্ডীয়েও জিলাখনত নিৰ্বাচন সুকলমে অনুষ্ঠিত কৰাৰ বাবে আৰক্ষীৰ দৃষ্টিকোণৰ পৰা আইন – শৃংখলা অটুট ৰখা বিষয়ক কেইটামান পৰামৰ্শ আগবঢ়ায়। উক্ত পৰ্যালোচনা সভাত দৰঙৰ আৰক্ষী অধীক্ষক প্ৰকাশ সোণোৱাল, জিলা পৰিষদৰ মুখ্য কাৰ্য্যবাহী বিষয়া মানস দাস, জিলা উন্নয়ন আয়ুক্ত পংকজ কুমাৰ ডেকা, অতিৰিক্ত জিলা আয়ুক্ত (নিৰ্বাচন) তথা ভাৰপ্ৰাপ্ত নিৰ্বাচন বিষয়া মানস কুমাৰ শইকীয়াৰ লগতে বিভিন্ন কোষৰ দায়িত্বত থকা বিষয়াসকল উপস্থিত থাকে। পৰ্য্যবেক্ষক দুগৰাকীয়ে জিলা আয়ুক্তৰ কাৰ্যালয়ত অৱস্থিত নিয়ন্ত্ৰণ কক্ষ, মিডিয়া চাৰ্টিফিকেচন এণ্ড মনিতৰিং কমিটিৰ কক্ষ পৰিদৰ্শন কৰাৰ লগতে ৪ টা ভোটগ্ৰহণ কেন্দ্ৰ আৰু মঙলদৈ মহাবিদ্যালয়লৈ গৈ ষ্ট্ৰং ৰূম , ভোটগণনাৰ প্ৰস্তুতি আদিৰ বুজ লয়। পৰিদৰ্শন কালত তেওঁলোকৰ সৈতে জিলা আয়ুক্ত তথা জিলা নিৰ্বাচন বিষয়া মুণীন্দ্ৰ নাথ ঙাটেও উপস্থিত থাকে।