দৰঙত দশম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন

দৰঙত দশম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন

মঙলদৈ, ৰঙিলী বাৰ্ত্তাসেৱা- সমগ্ৰ দেশৰ লগতে আজি দৰং জিলাতো দশম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰা হয়। আজি মঙলদৈৰ সৈনিক ভৱনত দৰং জিলা প্ৰশাসন আৰু ৰাষ্ট্ৰীয় আয়ুষ অভিযান, দৰং, জিলা স্বাস্থ্য সমিতি, দৰঙৰ উদ্যেগত এই যোগ দিৱস কাৰ্যসূচী উদযাপন কৰা হয়।আজিৰ অনুষ্ঠানত দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰে। আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে প্ৰদান কৰা ভাষণত সাংসদ গৰাকীয়ে কয় যে যোগ ভাৰতীয় সভ্যতা- সংস্কৃতিৰ অমূল্য উপাদান। প্ৰাচীন কালৰে পৰা ভাৰতীয় লোকে যোগ সাধনা কৰি আহিছে।যোগাভ্যাসে মানুহৰ দৈহিক, মানসিক আৰু আধ্যাত্মিক উৎকৰ্ষ সাধন কৰে। ভাষণ প্ৰসংগত সাংসদগৰাকীয়ে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গ্ৰহণ কৰা উদ্যোগৰ ফলত ২০১৪ চনত ৰাষ্ট্ৰসংঘই ২১ জুনৰ দিনটো আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে পালন কৰাৰ বাবে সিদ্ধান্ত লোৱাৰ কথা উল্লেখ কৰে । প্ৰধানমন্ত্ৰী মোদীৰ এনে পদক্ষেপৰ বাবেই সমগ্ৰ বিশ্বজুৰি যোগে প্ৰসাৰ আৰু জনপ্ৰিয়তা লাভ কৰিছে বুলি তেওঁ মন্তব্য কৰে। অনুষ্ঠানত ভাষণ প্ৰদান কৰি দৰঙৰ জিলা আয়ুক্ত মুনীন্দ্ৰ নাথ ঙাটেয়ে কয় যে ভাৰতত অতীজৰে পৰা যোগাভ্যাসৰ চৰ্চা অব্যাহত আছে। যোগাভ্যাসে মানসিক আৰু শাৰীৰিক সুস্বাস্থ্য গঢ়াৰ লগতে ৰোগ প্ৰতিৰোধ আৰু নিৰাময়তো সহায় কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উদ্যোগৰ বাবে আজি যোগচৰ্চাই বিশ্বজুৰি জনপ্ৰিয়তা লাভ কৰিছে বুলি তেওঁ মন্তব্য কৰে। অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰে ৰাষ্ট্ৰীয় আয়ুষ অভিযান, দৰঙৰ জিলা ন’ডেল বিষয়া ডা: তৰুণ ডেকাই। অনুষ্ঠানত ছিপাঝাৰ সমষ্টিৰ বিধায়ক ড° পৰমানন্দ ৰাজবংশী, অসম ৰাজ্যিক মীন উন্নয়ন নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাস, দৰং জিলাৰ আৰক্ষী অধীক্ষক প্ৰকাশ সোণোৱাল, দৰং জিলাৰ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডা: ৰমেশ চন্দ্ৰ ভট্টাচাৰ্য, মঙলদৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° কমলাকান্ত বৰা, বিশিষ্ট উদ্যোগী- সমাজসেৱক ৰাজীৱ ডেকাৰ লগতে জিলাখনৰ বিভিন্ন বিভাগৰ মূৰব্বী বিষয়াসকল, ছাত্ৰ-ছাত্ৰী আৰু ৰাইজে অংশগ্ৰহণ কৰে।

উল্লেখ্য যে যোগ দিৱসৰ সৈতে সংগতি ৰাখি চাৰিটা শাখাত ছাত্ৰ-ছাত্ৰী আৰু আন যোগাভ্যাসকাৰীৰ অংশগ্ৰহণেৰে যোগাসন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছিল। উক্ত অনুষ্ঠানত প্ৰতিযোগিতাৰ বিজয়ীসকলৰ মাজত পুৰস্কাৰ বিতৰণ কৰা হয়। জিলা পৰ্যায়ৰ কাৰ্যসূচীৰ লগতে আজি দৰং জিলাৰ বিভিন্ন শিক্ষানুষ্ঠান, প্ৰশিক্ষণ প্ৰতিষ্ঠান,স্বাস্থ্য প্ৰতিষ্ঠান আদিতো আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰা হয়।