দ্বিতীয় এদিনীয়াত ভাৰতক ১০০ ৰাণত পৰাস্ত কৰে ইংলেণ্ডে
ৰঙিলী বাৰ্ত্তাসেৱা- লৰ্ডছত অনুষ্ঠিত দ্বিতীয় খন এদিনীয়াত ইংলেণ্ডে ভাৰতক ১০০ ৰাণত পৰাস্ত কৰি তিনিখন খেলৰ শৃংখলা ১-১ ত সমতা অৰ্জন কৰে। ২০২২ চনত এইটো প্ৰথমবাৰৰ বাবে যে ভাৰতে ৰোহিত শৰ্মাৰ অধিনায়কত্বত এখন এদিনীয়া মেচত পৰাজয় বৰণ কৰিছিল। প্ৰথমে বলিং কৰি ভাৰতে ইংলেণ্ডক ৪৯ অভাৰত ২৪৬ ৰাণত অল আউট কৰে। ভাৰতৰ ৩৮.৫ অভাৰত ১৪৬ ৰাণত অল আউট হৈছিল।