দ্বিতীয় বাংলাদেশ হ’ব নেকি অসম ?
শৈলেন কুমাৰ
মিৰ্জা
বিগত সময়চোৱাত বাংলাদেশৰ ছাত্ৰ সংগঠনৰ আন্দোলন পৰৱৰ্তীকালত হিংসাত্মক ৰূপ লোৱাৰ মূল কাৰণ মৌলবাদী,অপশক্তিৰ উত্থান ৷ এয়া গণতন্ত্ৰৰ বাবে চৰম ভাবুকি ৷ আমি কেতিয়াও নিবিছাৰোঁ অসম তথা ভাৰতবৰ্ষ দ্বিতীয় বাংলাদেশ হোৱাতো ৷ কিন্তু শাসকে যেতিয়া শোষণ আৰম্ভ কৰে তেতিয়া জনসাধাৰণে তাৰ উচিত প্ৰত্তুত্যৰ সময়ে সময়ে দি আহিছে ৷ গণতন্ত্ৰত ৰাইজেই ৰজা কিন্তু সেয়া অমান্য কৰি যেতিয়া শাসনকাৰীয়ে শোষণ কৰিবলৈ ধৰে তেতিয়া অত্যাচাৰীৰ অধঃপতন হোৱাতো নিশ্চিত হৈ পৰে ৷ নেতাৰ আইনা জনসাধাৰণ ৷ যেনে জনতা তেনে নেতা ৷নেতা এজনে জনসাধাৰণক অনুসৰণ কৰি চলে গতিকে জনসাধাৰণ সদায় সজাগ সচেতন হোৱাটো জৰুৰী ৷ জনসাধাৰণৰ অভাৱ অনাতন সমস্যা অসুবিধা আদি বুজি লৈ জনসাধাৰণৰ হকে কৰ্ম কৰাটো শাসকীয়ৰ ধৰ্ম ৷ কিন্তু যদি ধৰ্মৰ বিপৰীতে অধৰ্ম অসত্য বাঢ়ে আৰু জনসাধাৰণক নিজৰ হাতৰ মুঠিত নচুৱাবলৈ আৰম্ভ কৰে বিভিন্ন লোভ আৰু ভয় দেখুৱাই প্ৰৱঞ্চনা আৰু প্ৰতাৰণাৰ চক্ৰবেহু ৰচে তেতিয়া হ’লে সকলো দেশতে বাংলাদেশৰ দ্বৰে দুৰ্গতি হোৱাত নিশ্চিত ৷ বাংলাদেশত হিন্দু বেংগলী সকল সংখ্যালঘু,বৰ্তমানে বাংলাদেশৰ সেই ছাত্ৰ আন্দোলনত মৌলবাদী অপশক্তিৰ উত্থানৰ ফলত বৰ্বৰ অকথ্য নিৰ্যাতনৰ বলী হিন্দু বেংগলী সকল যাৰবাবে এতিয়া সংখ্যালঘু হিন্দু বেংগলী সকলে ভাৰতত শৰণ লবলৈ ভাৰত বাংলাদেশীৰ সীমান্তত খুপনি পুতিছে ৷ লগতে নাগৰিকত্ব সংশোধনী আইন ( CAA ) জৰিয়তে যদি সংখ্যালঘু হিন্দু বেংগলী সকলে অসমকে আদি কৰি ভাৰতৰ বিভিন্ন ৰাজ্যত নাগৰিকত্ব পায় তেতিয়া হ’লে কেনেকুৱা পৰিস্থিতিৰ উদ্ভৱ হ’ব ৰাইজ সকলে এবাৰ গভীৰভাৱে ভাবি চাবলৈ হ’ল ৷ জনসংখ্যা বৃদ্ধিৰ শীৰ্ষত থকা ভাৰতবৰ্ষই বহিৰাগত সংখ্যালঘু সকলোৰ বোজা লবলৈ সামৰ্থ হবনে ?