দ্বিতীয় পর্যায়ত ভোটগ্রহণ হোৱা ৫খন আসনৰ ৪খনত বিজেপি জয়ী হ’বঃ মুখ্যমন্ত্ৰী
ৰঙিলী বাৰ্ত্তাসেৱা- মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে দ্বিতীয় পর্যায়ত ভোটগ্রহণ অনুষ্ঠিত হোৱা ৰাজ্যখনৰ পাঁচখন আসনৰ ভিতৰত চাৰিখনত বিজেপি জয়ী হ’ব আৰু এখনত প্রতিদ্বন্দ্বিতা হৈছে।মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কয় যে প্রথম পৰ্যায়ৰ পাঁচখন আসনতে বিজেপি জয়ী হ’ব। দ্বিতীয় পৰ্যায়ত চাৰিখনত জয়ী হ’ব। প্ৰথম আৰু দ্বিতীয় পর্যায় মিলি বিজেপিয়ে ৯খন আসনত জয়ী হ’ব। তৃতীয় পর্যায়ত হ’বলগীয়া চাৰিখন আসনৰ ভিতৰত তিনিখনত বিজেপি মিত্রজোঁট জয়ী হোৱাত কোনো সন্দেহ নাই। সেই অনুসৰি ১৪খন আসনৰ ভিতৰত ১২খনত বিজেপি মিত্রজোট জয়ী হ’ব আৰু এখনত প্রতিদ্বন্দ্বিতা হৈছে। দ্বিতীয় পর্যায়ত নির্বাচন অনুষ্ঠিত হোৱা কোনখন আসনত প্রতিদ্বন্দ্বিতা হৈছে সেই বিষয়ে সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত আসনখনৰ নামটো ক’বলৈ অস্বীকাৰ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে নামটো ক’ব খোজা নাই। কাৰণ, কার্যকর্তাসকলে দুখ পাব। সেইদৰে তৃতীয় পৰ্যায়ত নিৰ্বাচন হ’বলগীয়া ধুবুৰী আসনখনৰ সম্পৰ্কত মুখ্যমন্ত্রীগৰাকীয়ে কয় যে ধুবুৰীত প্রতিদ্বন্দ্বিতা হ’ব। কিন্তু কাৰ লগত প্রতিদ্বন্দ্বিতা হ’ব সেয়া নির্বাচনী প্ৰচাৰত যোৱাৰ পাছত ক’ব পাৰিম। ধুবুৰীত ১০খনকৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব বুলি উল্লেখ কৰি মুখ্যমন্ত্রীগৰাকীয়ে কয় যে যিহেতু মই মুখ্যমন্ত্ৰী, সেয়ে ৰাজ্যখনৰ সকলো ঠাইলৈ যাব লাগিব। নহ’লে মানুহে ভাবিব তেওঁলোকক সেই অঞ্চলটোৰ স্বাধীনতা দি দিয়া বুলি। সেয়ে তেওঁ ৰাজ্যখনৰ সকলো অঞ্চললৈ যাব। বৰ্তমানৰ ৰাজ্য চৰকাৰখনে ধৰ্মীয় সংখ্যালঘুৰ বাবে বেছি কাম কৰাৰ কথা উল্লেখ কৰি তেওঁ কয় যে তিনি তালাক বন্ধকে ধৰি বাল্যবিবাহ বন্ধ আদি কামে ধর্মীয় সংখ্যালঘুসকলক উপকৃত কৰিছে। লাহে লাহে ধর্মীয় সংখ্যালঘুসকলে সেই কথা বুজি পাইছে আৰু তাৰ বাবেই তেওঁলোক বিজেপিৰ সভালৈ ওলাই আহিছে। কলেজত নামভৰ্তিৰ পৰা আৰম্ভ কৰি লাখপতি বাইদেউসকলক চেগুন, শাল আদি গছ ৰোপণ কৰিবলৈ যি কথা কোৱা হৈছে এয়া অকল হিন্দুৰ বাবেই নহয়, ধর্মীয় সংখ্যালঘুসকলো ইয়াৰ পৰা উপকৃত হ’ব। চৰকাৰৰ সকলো আঁচনি হিন্দুৱেও পাইছে, ধর্মীয় সংখ্যালঘুৱেও পাইছে। মুখ্যমন্ত্রী হিচাপে মোৰ কাম হৈছে ৰাজ্যখনৰ জনসাধাৰণক বিকাশৰ পথ দেখুওৱা। নির্বাচনী প্ৰচাৰ সভাসমূহত তেওঁ কংগ্ৰেছ, ৰাহুল গান্ধী আদিৰ নাম নোলোৱাৰো উল্লেখ কৰি কয় যে নির্বাচনী প্ৰচাৰ সভাসমূহত তেওঁ কেৱল বিকাশ আৰু উন্নয়নৰ দিশটোৰ ওপৰত গুৰুত্ব আৰোপ কৰি আহিছে।