দৌল – অনামিকা (সংগীতা) কলিতা

দৌল

অনামিকা (সংগীতা) কলিতা,শুৱালকুছি

ঋতুকালিন ৰঙৰ উৎসৱ
কৃষ্ণ সংস্কৃতিৰ ভক্তি ধৰ্মৰ
অন্য এক ফাগুনৰ বন্ধন ..|

আধ্যাত্মিক ধৰ্মীয় কৃত্য সাধন
নাই উচ্চ-নীচ,ধনী-দুখীয়া..
সিক্ত হৃদয়ত আবিৰৰ দলিচা পাৰি
ৰংগে ফাগু খেলে চৈতন্য বনমালী |

হোলীগীতৰ মূৰ্ছনা
শ্ৰীকৃষ্ণৰ লীলা মাধূৰ্যৰ পৰম প্ৰকাশ,
আজিও মঞ্জুৰিত হয় বৰপেটা বৰদোৱা ধাম
ফাকুগুড়ি ছটিয়াই গাই জয় জয় গান |

পত্নি ঘুনুচাৰ বাৰীত
বিলম্ব কৰে সাতদিন সাতৰাতি কানাই
ঠেহ পাতে লক্ষ্মীদেৱী আই ,
ৰংমনে প্ৰজাগণে আদৰে দৌল গৃহৰ দুৱাৰ ঢকিয়াই !

ফল্গু পূৰ্ণিমা ৰাতি
হোলিকা দহনৰ জুইত
অপায়-অমংগল ফিৰিঙতি হৈ জ্বলে
অপ-সংস্কৃতি বিনাশী আহিবাচোন ন-প্ৰতিশ্ৰুতি লৈ
জিলিকাই আকাশ খন শিমলু ৰঙা কৰি..!