দেশৰ শ্রেষ্ঠ মুখ্যমন্ত্ৰীৰ তালিকাত অসমৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা

দেশৰ শ্রেষ্ঠ মুখ্যমন্ত্ৰীৰ তালিকাত অসমৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা

ৰঙিলী বাৰ্ত্তাসেৱা- দেশৰ অন্যতম শ্ৰেষ্ঠ মুখ্যমন্ত্ৰীৰ তালিকাত অসমৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ নাম।দেশৰ আগশাৰীৰ এক সংবাদ প্রতিষ্ঠানে চলোৱা সমীক্ষা মুড অৱ দ্য নেশ্যন (MOTN)ৰ অনুসৰি অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাক ভাৰতৰ অন্যতম শ্রেষ্ঠ মুখ্যমন্ত্রী হিচাপে স্থান দিয়া হৈছে।সমীক্ষাত ড০ শৰ্মাই আকর্ষণীয় ৫৫.৪ শতাংশ ৰেটিঙৰ সৈতে শীৰ্ষ স্থান দখল কৰিছে।  এই সন্দৰ্ভত প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিত উল্লেখ কৰিছে, এই সমীক্ষাই ড০ হিমন্ত বিশ্ব শৰ্মাৰ ক্রমবর্ধমান জনপ্রিয়তা আৰু তেওঁৰ শাসনৰ উৎকৃষ্টতাক পুনৰ নিশ্চিত কৰিছে। তেওঁৰ জনপ্রিয়তা যোৱা দুবছৰত ক্রমান্বয়ে আগষ্ট ২০২৩-ত ৪৯.২ শতাংশৰ পৰা বৃদ্ধি পাই ফেব্ৰুৱাৰী ২০২৪-ত ৪৮.৬ শতাংশ আৰু আগষ্ট ২০২৪-ত ৫০.৮ শতাংশলৈ বৃদ্ধি পায়। চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত মুখ্যমন্ত্রী ড° শৰ্মাৰ জনপ্ৰিয়তাৰ ৰেটিং ৫৫.৪ শতাংশ হয়। এই ধাৰাবাহিক ঊর্ধ্বমুখী প্ৰৱণতাই মুখ্যমন্ত্রী ড° শৰ্মাৰ নেতৃত্বৰ ওপৰত বর্ধিত বিশ্বাস আৰু ৰাজ্যখনত তেওঁৰ নীতিৰ পৰিৱৰ্তনশীল প্রভাৱক সূচাইছে। ইয়াৰ বিপৰীতে অন্ধ্রপ্রদেশৰ মুখ্যমন্ত্রী চন্দ্রবাবু নাইডু, পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বেনার্জী আৰু কৰ্ণাটকৰ মুখ্যমন্ত্রী চিদ্দাৰামায়াই নিম্ন ফলাফল দেখুৱাইছে। ইয়াৰ দ্বাৰাই  মুখ্যমন্ত্রী ড° শৰ্মাৰ নেতৃত্বক দল আৰু ৰাষ্ট্ৰৰ প্ৰতি সমর্পিত এক উল্লেখনীয় নেতা হিচাপে চিহ্নিত কৰিছে। আন্তঃগাঁথনি উন্নয়ন, সমাজৰ কল্যাণ, অর্থনৈতিক বিকাশ আৰু আইন প্ৰৱৰ্তন সংস্কাৰৰ দিশত মুখ্যমন্ত্রী ড° শৰ্মাৰ গুৰুত্বই অসমক শাসনৰ এক আর্হি হিচাপে প্রতীয়মান কৰিছে। যোৱা তিনিটা বছৰত অসমে আন্তঃগাঁথনি, স্বাস্থ্যসেবা, শিক্ষা আৰু আইন প্ৰৱৰ্তনৰ ক্ষেত্ৰত উল্লেখযোগ্য অগ্রগতি লাভ কৰিছে। যাৰ মুখ্য পদক্ষেপবোৰে জনসাধাৰণৰ পৰিৱৰ্তন আৰু বিকাশক অনন্য মাত্ৰা প্ৰদান কৰিছে। ইণ্ডিয়া টুডে’ৰ শেহতীয়া এই সমীক্ষাৰ ফলাফলে মুখ্যমন্ত্রী ড° শর্মাক এজন প্রগতিশীল আৰু দূৰদৰ্শী নেতা হিচাপে খ্যাতিমান কৰি তুলিছে। এডভান্টেজ আছাম ২.০ৰ পূর্বে এই জৰীপটোৱে বিনিয়োগৰ গন্তব্য স্থান হিচাপে অসমৰ আহ্বানক এক শক্তিশালী বার্তা হিচাপে বহন কৰিছে, যিয়ে ৰাজ্যখনৰ দ্রুত বিকশিত ব্যৱসায়িক প্রেক্ষাপটলৈ চাই সম্ভাব্য বিনিয়োগকাৰীসকলৰ বাবে এক শক্তিশালী স্থিতি হিচাপে উপস্থাপন কৰিছে।