দেশৰ প্ৰথমখন ৰাজ্য হিচাপে উত্তৰাখণ্ডত কাৰ্যকৰী হ’ল ইউনিফৰ্ম চিভিল কোড
ৰঙিলী বাৰ্ত্তাসেৱা- দেশৰ প্ৰথমখন ৰাজ্য হিচাপে উত্তৰাখণ্ডত বলবৎ হ’ল উমৈহতীয়া দেৱানী বিধি(Uniform Civil Code ) চমুকৈ ইউচিচি। উত্তৰাখণ্ডত ইউনিফৰ্ম চিভিল কোড বলৱতেৰে ইতিহাস আৰম্ভ হ’ল। এতিয়াৰে পৰা উত্তৰাখণ্ডত সকলো ধৰ্মৰ ক্ষেত্ৰত সম আইন বলৱৎ হ’ব। বিধানসভা নির্বাচনত বিজেপিয়ে দিয়া নির্বাচনী প্রতিশ্রুতি অনুসৰিয়েই উত্তৰাখণ্ডত বিজেপি চৰকাৰ হ’লে দেশৰ প্ৰথম ৰাজ্য হিচাপে ইউচিচি বলৱৎ কৰিব। ইউচিচি বলবৎ হোৱাৰ লগে লগে ৰাজ্যখনত সকলো ধৰ্মৰ আইনসমূহ এক হিচাপে গণ্য কৰা হ’ব আৰু বিবাহ, বিচ্ছেদ আৰু উত্তৰাধিকাৰী আদিৰ ক্ষেত্ৰত প্ৰভাৱ পৰিব। শাসক- বিৰোধীৰ বাক্-বিতণ্ডা, সমর্থন-বিৰুদ্ধাচৰণ আদিৰ মাজতো উত্তৰাখণ্ডত চৰকাৰে ইউচিচি গৃহীত কৰি অৱশেষত সোমবাৰৰ পৰা আনুষ্ঠানিকভাৱে বলৱৎ কৰিলে। ইউচিচি আইন অনুসৰি বিবাহ আৰু বিবাহ বিচ্ছেদ, উত্তৰাধিকাৰী, লিভ ইন ৰিলেচনশ্বিপ আৰু এনেধৰণৰ বিষয়ৰ ক্ষেত্ৰত এতিয়াৰে পৰা সকলো ধৰ্মৰ লোকে একে আইনৰ অংশীদাৰ হ’ব। সকলো ধৰ্মৰ ক্ষেত্ৰত পুৰুষ আৰু মহিলাৰ কাৰণে বিবাহৰ বয়স একে হ’ব, বিবাহ বিচ্ছেদৰ ক্ষেত্ৰতো একেই নিয়ম বলবৎ হ’ব, তেনেদৰে বহু বিবাহ আৰু হালালা নিষিদ্ধ হ’ব। উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে দেশত ইতিহাস সৃষ্টিৰে প্ৰথম ৰাজ্য হিচাপে ইউচিচি বলৱৎ কৰি কয়- উত্তৰাখণ্ডত আজিৰে পৰা ইউচিচি বলৱৎ হোৱাৰ লগে লগে সকলো নাগৰিকে সাংবিধানিক আৰু নাগৰিক অধিকাৰ একেই লাভ কৰিব। সকলো ধৰ্মৰ মহিলাই সমান অধিকাৰ লাভ কৰিব। ডেৰাডুনত মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত ইউচিচি সম্পর্কীয় এটা প’ৰ্টেল মুকলি কৰাৰ লগতে ইউচিচিৰ নীতি-নিয়মসমূহো আনুষ্ঠানিকভাৱে প্রকাশ কৰে। লক্ষণীয় যে দেশত হিন্দু ধৰ্মৰ দৰে মুছলিম ধৰ্মৰ ক্ষেত্ৰত বিবাহকে ধৰি বিচ্ছেদ, উত্তৰাধিকাৰী আৰু লিভ ইন ৰিলেচনছত পৃথক আইন চলি আহিছে। ইউচিচিয়ে এনেধৰণৰ পৃথক আইন একেলগ কৰি দেশৰ জনসাধাৰণক একে অধিকাৰ প্ৰদান কৰিব। উল্লেখ্য যে ২০২২ চনত উত্তৰাখণ্ড বিধানসভা নির্বাচনত বিজেপিয়ে দিয়া নির্বাচনী প্রতিশ্রুতি মতেই বিধানসভাত ইউচিচি গৃহীত কৰে। ন্যায়াধীশ ৰঞ্জনা প্রকাশ দেশাইৰ নেতৃত্বত পাঁচজনীয়া কমিটীয়ে ইউচিচিৰ খচৰা প্ৰস্তুত কৰাৰ পাছত সেই খচৰাক লৈ বিভিন্ন পর্যায়ত আলোচনা কৰাৰ অন্তত ২০২৪ চনৰ ২ ফেব্ৰুৱাৰীত মুখ্যমন্ত্রী ধামিক ৭২৪ পৃষ্ঠাৰ খচৰা জমা দিয়ে। এই খচৰা ৪ ফেব্ৰুৱাৰীত কেবিনেটে অনুমোদন জনায় আৰু ৬ ফেব্ৰুৱাৰীত বিধানসভাত এই বিধেয়কখন উত্থাপন হয় আৰু পৰৱৰ্তী দিনটোতেই বিধেয়কখন গৃহীত হয়। ২৮ ফেব্ৰুৱাৰীত ৰাজ্যপাল লেফটেনেন্ট জেনেৰেল গুৰমিত সিং (অৱসৰপ্ৰাপ্ত) অনুমোদন জনোৱাৰ পাছত ১১ মাৰ্চত ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মুৱে স্বাক্ষৰ কৰে আৰু লগে লগেই এই ইউচিচি আইনত পৰিণত হয়। ২০২৫ চনৰ ২৭ জানুৱাৰীত ইউচিচি ৰাজ্যখনত বলবৎ হয়। এই আইন অনুসৰি সকলো ধৰ্মৰে বিবাহৰ বৈধ বয়স পুৰুষৰ ২১ আৰু মহিলাৰ ১৮ বছৰ। সকলো ধৰ্মৰ ক্ষেত্ৰত বহু বিবাহ আৰু হালালা নিষিদ্ধ হ’ল। হালালা হৈছে ইছলামিক বহু বিতর্কিত বিবাহ প্রক্রিয়া। লিভ ইন ৰিলেচনছৰ ক্ষেত্ৰত পঞ্জীয়ন বাধ্যতামূলক কৰা হৈছে। ইউচিচিৰ অধীনত স্বামী আৰু পত্নীয়ে বিবাহ বিচ্ছেদ কৰিব বিচাৰিলে একেই প্রক্রিয়া হ’ব। অর্থাৎ যি কাৰণত স্বামীয়ে পত্নীক বিবাহ বিচ্ছেদ কৰিব পাৰে সেই একেই কাৰণতেই পত্নীয়েও স্বামীক বিবাহ বিচ্ছেদ কৰিব পাৰিব।