দেশৰ ক্ৰীড়া জগতৰ ভৱিষ্যত কোনদিশে ?
আন্তঃৰাষ্ট্ৰীয় স্তৰত আমাৰ দেশক প্ৰতিনিধিত্ব কৰা প্ৰতিগৰাকী ক্ৰীড়াবিদ আমাৰ দেশৰ বাবে গৌৰৱ। প্ৰতিগৰাকী খেলুৱৈৰে সপোন থাকে যে তেওঁ খেলা খেলত নিজ দেশক আন্তঃৰাষ্ট্ৰীয় স্তৰত প্ৰতিনিধিত্ব কৰিব। দেশৰ হৈ আন্তঃৰাষ্ট্ৰীয় স্তৰত খেলিবলৈ দেখা সেই সপোন বাস্তৱায়িত কৰিবলৈ এগৰাকী খেলুৱৈয়ে দিন ৰাতি একাকাৰ কৰি অনুশীলন চলাই। বহুতো খেলুৱৈ নিজৰ লক্ষ্যত উপনীত হবলৈ সক্ষম নহয় কিন্তু ইয়াৰ পৰিবৰ্তে কিছুসংখ্যক প্ৰতিভাবান খেলুৱৈয়ে নিজ লক্ষ্যত উপনীত হৈ দেশক প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰে। অতি কষ্ট, একাগ্ৰতা, ত্যাগ আৰু পৰিশ্ৰমৰ অন্তত লাভ কৰা এই সফলতাৰ আঁৰত খেলুৱৈ সকলৰ এক অকথিত কাহিনী লুকাই থাকে। যি কাহিনীৰ বিষয়ে খেলুৱৈ গৰাকীক চিনি পোৱা অধিকাংশ লোক অৱগত নহয়। নিজৰ প্ৰতিভাৰ বলত লাভ কৰা সফলতাই খেলুৱৈ গৰাকীক ক্ৰীড়াপ্ৰেমীৰ মাজত জনপ্ৰিয় কৰি তোলে। সফলতা লাভ কৰাৰ লগে লগে এগৰাকী খেলুৱৈৰ সংগ্ৰামৰ কাহিনী পোহৰলৈ আহে আৰু ইয়াৰ লগে লগে সেই খেলুৱৈ গৰাকী হৈ পৰে বহুতৰ বাবে অনুপ্ৰেৰণা আৰু আদৰ্শ। আমাক গৌৰৱবোধ কৰিবলৈ সুযোগ প্ৰদান কৰা এই আদৰ্শবান খেলুৱৈ সকল যেতিয়া অসুবিধাৰ সন্মুখীন হয় তেতিয়া এগৰাকী ক্ৰীড়াপ্ৰেমী হিচাপে তেওঁলোকৰ ওচৰত থিয় দিয়াটো আমাৰ নৈতিক দায়িত্ব। কঠোৰ অনুশীলন, একাগ্ৰতা আৰু সাধনাৰ বলত দেশক আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত শ্ৰেষ্ঠ হিচাপে প্ৰতিপন্ন কৰা এই খেলুৱৈ সকলৰ লগত যেতিয়া অন্যায় হোৱা বুলি অভিযোগ উত্থাপিত হয় তেতিয়া ক্ৰীড়াপ্ৰেমী সকলে এই অন্যায় কেতিয়াও সহজভাৱে মানি লব নোৱাৰে। দেশৰ ৰাজধানীত অলিম্পিকৰ পদক বিজয়ী মল্লযুঁজাৰু সকলে বিভিন্ন অভিযোগ উত্থাপন কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে। যিকোনো এটা খেলৰ শীৰ্ষস্থানীয় খেলুৱৈ সকলে যদি প্ৰতিবাদ কৰিবলৈ ৰাজপথলৈ ওলাই আহিব লগীয়া পৰিস্থিতিৰ সৃষ্টি হয় তেনে ক্ষেত্ৰত নিজকে এগৰাকী ক্ৰীড়াবিদ হিচাপে গঢ়ি তুলিবলৈ মনত আশা পুহি ৰখা নৱপ্ৰজন্মৰ লৰা ছোৱালীবোৰে কি ভৰসাত আগবাঢ়ি যাবলৈ সাহস গোটাব। আচলতে খেলুৱৈ সকল ৰাজপথত ওলাই আহি প্ৰতিবাদ কৰিব লগীয়া হোৱা ঘটনা দেশৰ ক্ৰীড়া ক্ষেত্ৰৰ বাবে অতি দুৰ্ভাগ্যজনক। দেশৰ প্ৰতিটো খেলক সুচাৰুৰূপে পৰিচালনা কৰিবলৈ গঠন কৰা ক্ৰীড়া সংগঠন সমূহৰ পদবীত দায়িত্ব নিৰ্বাহ কৰা ব্যক্তিসকলৰ যাতে খেলৰ জ্ঞান থাকে সেই কথাটো নিশ্চিত কৰিব লাগে। খেলৰ কোনো জ্ঞান নথকা কিছুমান লোকক সংগঠন সমূহৰ শীৰ্ষ পদবীৰ দায়িত্ব প্ৰদান কৰিলে তেনে ব্যক্তি সকলে খেলুৱৈ সকলৰ অভাৱ অভিযোগৰ প্ৰতি গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত নহয়। ইয়াৰ উপৰিও খেলৰ বিষয়ে বিশেষ জ্ঞান নথকা সক্ৰিয় ৰাজনীতিৰ লগত জড়িত থকা ব্যক্তি সকলকো এনে ধৰণৰ দায়িত্বৰ আঁতৰত ৰাখিলে ভাল। মল্লযোদ্ধা সকলে দাবী কৰা ধৰণে যদি অভিযোগ সমূহ সত্য প্ৰমাণিত হয় তেনেহলে ভাৰতৰ ক্ৰীড়া জগতৰ বাবে ই এক নেতিবাচক সংকেত কঢ়িয়াই আনিব। খেলুৱৈ সকলে যদি তেওঁলোকক পৰিচালনা কৰা বিষয়ববীয়া সকলৰ ওচৰতে নিজকে সুৰক্ষিত অনুভৱ নকৰে তেনেহলে খেলুৱৈসকলে নিজকে কত সুৰক্ষিত বুলি অনুভৱ কৰিব ? খেলুৱৈ আৰু সাংগঠনিক বিষয়াৰ মাজত সংঘটিত হোৱা এনে ধৰণৰ অভিযোগ-প্ৰতিঅভিযোগৰ ঘটনাই দেশৰ ক্ৰীড়া জগতৰ যি মৰ্য্যদা সেয়া লাঘৱ কৰাটো নিচিন্ত। আমাৰ দেশৰ ক্ৰীড়া ক্ষেত্ৰ খনক এক নিৰপেক্ষ ক্ৰীড়াক্ষেত্ৰ হিচাপে জীয়াই ৰখাটো দায়িত্বশীল প্ৰতিগৰাকী সাংগঠনিক বিষয়াৰ নৈতিক দায়িত্ব। যদি ভেদা ভেদ আৰু অন্যান্য কিছুমান সমস্যাৰে জৰ্জৰিত কৰি দায়িত্ববাহী সাংগঠনিক বিষয়া সকলে এক অশান্ত পৰিবেশৰ সৃষ্টি কৰে তেনেহলে দেশৰ ক্ৰীড়া প্ৰতিভা সমূহ কলিতে মৰহি যোৱাৰ উপক্ৰম হব। এগৰাকী নিৰ্দিষ্ট ক্ৰীড়াৰ সম্পূৰ্ণ জ্ঞান থকা ব্যক্তিয়ে সেই ক্ৰীড়াত সফলতাৰ শিখৰত আৰোহণ কৰিব পৰা প্ৰকৃত প্ৰতিভা থকা খেলুৱৈ নিৰ্বাচন কৰাত অধিক সফল হব বুলি নিঃসন্দেহে কব পাৰি। যদি দেশত এক ক্ৰীড়া বিপ্লৱ সূচনা কৰিব লাগে তেনেহলে দেশৰ ক্ৰীড়া সংগঠন সমূহ শক্তিশালী হোৱাটো অতিকৈ প্ৰয়োজনীয়। ইয়াৰ উপৰিও ক্ৰীড়া সংগঠন সমূহৰ দায়িত্বত থকা ব্যক্তি সকলেও তেওঁলোকৰ দায়িত্ব সমূহ অতি নিষ্ঠা সহকাৰে পালন কৰিব লাগিব। যেতিয়া এগৰাকী নিষ্ঠাবান আৰু ক্ৰীড়াৰ জ্ঞান থকা ব্যক্তিয়ে ক্ৰীড়া সংগঠনৰ দায়িত্ব গ্ৰহণ কৰিব তেতিয়া খেলুৱৈ সকলে নিচিন্ত মনেৰে আগবাঢ়ি যাবলৈ সাহস পাব। এগৰাকী খেলুৱৈ সফল হবলৈ হলে খেলুৱৈ গৰাকী শাৰীৰিক আৰু মানসিকভাৱে শক্তিশালী হোৱাটো অতিকৈ প্ৰয়োজনীয়। অন্যথা এগৰাকী খেলুৱৈৰ সফলতাত বাধা অহাটো একেবাৰে নিশ্চিত। ভৱিষ্যতে কেতিয়াও কোনো দিনে যাতে কোনো খেলুৱৈয়ে ৰাজপথত ওলাই আহি প্ৰতিবাদ কৰিব নালাগে সেই কথা প্ৰতিগৰাকী ক্ৰীড়াপ্ৰেমীয়ে কামনা কৰিব। প্ৰতিবাদী খেলুৱৈ সকলৰ দাবীৰ প্ৰতি সঁহাৰি জনায় কেন্ত্রীয় ক্ৰীড়া বিভাগে এই বিষয়ে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাটো অতিকৈ জৰুৰী। ক্ৰীড়া জগতত সংঘটিত হোৱা এনেধৰণৰ কিছুমান ঘটনাই বহুতো প্ৰতিভাবান খেলুৱৈৰ ভৱিষ্যত অন্ধকাৰৰ দিশে ঠেলি দিয়ে। গতিকে আগন্তক দিনত যাতে এক সুস্থ বাতাবৰণৰ মাজেদি খেলুৱৈ সকলে নিজৰ লক্ষ্যত উপনীত হবলৈ নিশ্চন্তমনে আগবাঢ়ি যাব পাৰে তাৰ ওপৰত মনোনিবেশ কৰাটো ক্ৰীড়া বিভাগ আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ প্ৰদান উদ্দেশ্য হোৱা উচিত।
দেবর্ষি গৌতম
বনগাঁও