দৃষ্টিকোণ
নাচিমা য়াচমিন,বিশ্বনাথ চাৰিআলি
সঁচাকৈয়ে বাৰু
সুখী হ’বলৈ মানুহক কিহৰ প্ৰয়োজন?
যান বাহন, টকা পইছা ,
ডাঙৰ ডাঙৰ অত্তালিকা?
নহয়,,,,,।
মানুহ সুখী হ’বলৈ মানুহক প্ৰয়োজন।
একো নাথাকিও ধনী,
সকলো থাকিও নিৰ্ধনী ।
কিন্তু,,,,,
আজি পকেটৰ শূণ্যতাত মানুহ একাকি ,
ধনীৰ হে সকলো চিনাকী।
মানৱ জীৱন কঠিন নহয়
বহুত কঠিন।
হিংসা, বিবাদৰ মীমাংসাৰ অভাৱ ,
মায়াৰ জালৰ ভিন্নতাই
সকলো কৰে থানবান।