দূৰ্গাপূজাত কৰো আমি বৃক্ষ পূজা – স্বাগতা বৰুৱা গোস্বামী

দূৰ্গাপূজাত কৰো আমি বৃক্ষ পূজা

স্বাগতা বৰুৱা গোস্বামী

আজি কেইদিনমানৰ আগতে মানুৱে মাকক পূজা চাবলৈ কেইটা বজাত যাব,ক’ত ক’ত চাব পঢ়াৰ মাজে মাজে সুধিয়েই থাকে।মাকে বোলে পঢ়াৰ মাজত এইবোৰ কথা নহয় দেই মানু, আগতে পঢ়ি লোৱা তাতে ইমান গৰম কেনেকৈ পূজালৈ যাওঁ চিন্তাহে হৈছে।মানুৰ পেটে পেটে সূর্য দেৱতাৰ ওপৰত বহুত খং উঠিছিল সেইদিনা আৰু মনৰ ভিতৰতে দূৰ্গাদেৱীক গৰম কমাই দিবলৈ প্ৰাৰ্থনা কৰিছিল। দেৱীয়ে তাইৰ প্ৰাৰ্থনা শুনিলে।পিছে এতিয়া আকৌ বৰুণ দেৱতাই লগ নেৰা দেখি তাইৰ আকৌ খং উঠিছে।এইবাৰ বা মাকে কি কয় তাক জনাৰ মানসেৰে অ’ মা গৰমতো কমি গ’ল গতিকে আমি পূজাত ফুৰিবলৈ যাব পাৰিম ন মা।তাকেহে কিন্তু বৰষুণ কমিব লাগিব তেতিয়াহে পূজা চাব পাৰিম। মানুৱে তেতিয়া মাকক কৈছে অ’ মা এবাৰ সূর্য দেৱতাৰ কাৰণে পূজা চাবলৈ নাপাও বুলি ভাবোতেই গৰম আউট বৰষুণ ইন হৈ গ’ল।কি কৰো মই ভাবিবই পৰা নাই।মোৰ যে চিন্তাহে হৈছে।হ’ব দিয়াচোন এতিয়া এইবোৰ চিন্তা বাদ দিয়া কাৰণ পূজা বছৰত এবাৰ আহে আমি আমাৰ শৰীৰটোৰ প্ৰতি লক্ষ্য ৰাখি আমি পূজা চাবলৈ যাম।অ’ মা তুমি কিন্তু বেয়া নাপাবা আজি মোৰ সূৰ্যদেৱতা,বৰুণ দেৱতা সকলোলৈ খং উঠিছে।কিয়??এইযে এবাৰ ৰ’দ এবাৰ বৰষুণ সেইবোৰৰ কাৰণে।এইটো কথাত তুমি তেওঁলোকৰ ওপৰত খং উঠাই লাভ নাই এনেবোৰ আমাৰ মানুহৰ কাৰণেহে হৈছে।মানুহৰ কাৰণে…কিয়??মানুহে বনাঞ্চল বোৰ কাটি কাটি ধ্বংস কৰিছে ফলত প্ৰকৃতিয়ে ভাৰসাম্য হেৰুৱাই পেলাইছে।সেইকাৰণেই আমি বিনাকাৰণত গছ-গছনি কাটিব নাপায়।আনকি আমাক পূজাটো বহুত গছ লাগে জানা।দূৰ্গাপূজাটো লাগে নেকি মা।কিয় নালাগিব লাগে টো।কি কি লাগে জানা- প্ৰথমে দেৱীক পূজাৰীয়ে আমন্ত্ৰণ কৰে তাক বোধন বুলি কয় আৰু সেই বোধনৰ কাৰণে লাগে বেল গছ। ‘বোধন’ শব্দৰ অৰ্থ হৈছে জাগ্ৰত কৰা বা জগোৱা। ষষ্ঠীৰ দিনা বেলগছত পূজা কৰি দেৱীক জগাই তোলা হয়। কাৰণ বেলগছ হৈছে শক্তিৰ প্ৰতীক, বেলপাতৰ আকৃতি ত্ৰিশূলসদৃশ।দেৱীৰ শক্তি বেলত সংস্থাপন কৰা হয় বাবে ইয়াক বেলবোধন বোলে আৰু সেই বোধনৰ কাৰণে লাগে বেল গছ।আকৌ কইনাৰ নিচিনাকৈ যে ৰখা হয় সেইগৰাকীক নৱপত্ৰিকা বুলি কয়। নৱপত্ৰিকাত ন বিধ শস্য যেনে— কলগছ,মানকঁচু,হালধি,ধানগছ, জয়ন্তী ফুলৰ গছ,ডালিম, অশোক,বগা অপৰাজিতা আৰু বেল থাকে।এই ন বিধ দ্ৰব্য হালধীয়া সুতাৰে কলপুলি ত বান্ধি তাত অপৰাজিতা ফুলৰ লতাৰে মেৰিয়াই দি তাৰ ওপৰত ৰঙা পাৰিৰ শাৰীৰে ন- কইনাৰ দৰে দীঘল ওৰণিৰে ঢাকি ৰখা হয়। পূজাত পঞ্চপল্লৱো ব্যৱহাৰ কৰা হয়। এই পঞ্চপল্লৱ মানে হৈছে— আম, আঁহত, বৰ (বট), জৰি আৰু যজ্ঞডিমৰুৰে সৈতে পাঁচবিধ গছৰ সমষ্টি। আকৌ আমি যে গোসাঁই ঘৰৰ ঘটত আম পাত দিও তেনেকৈ দূৰ্গাপূজাটো আমপাত দিয়ে।তাৰোপৰি পানীত ধান, শিলিখা আৰু কঁঠাল গছৰ পাতো দিয়া হয়।গতিকে দেখিলা পূজাভাগতো কিমান গছ লাগে।গছ আমাৰ বহুত লাগতিয়াল। আমাৰ পৰিবেশ,প্ৰকৃতি,উৎসৱ পাৰ্বন সকলোতে গছ-গছনিৰ দৰকাৰ।এইটো সদায় মনত ৰাখিবা ‘গছ থাকিলেহে মানুহ থাকিব।’এতিয়া ভালকৈ পৰীক্ষাকেইটা দি লোৱা।আঠ তাৰিখে পৰীক্ষা শেষ কৰিবা ৰাতিলৈ বজাৰলৈ যাম আৰু ৯তাৰিখৰ পৰা পূজা চাম।হ’বনে মানু হ’ব মা।তেনেহ’লে এতিয়া পঢ়াগৈ যোৱা।