দুৰ্নীতিমুক্ত সাংসদজন – সত্যজিৎ গগৈ

PC - Bhorer Kagoj
দুৰ্নীতিমুক্ত সাংসদজন
সত্যজিৎ গগৈ, ডিব্ৰুগড়
অসমৰ ৰাজনীতিত আজিলৈকে বহু নোহোৱা নোপজা ঘটনা সংঘটিত হৈ আহিছে।বহু ভাল ঘটনাৰ পৰা বহু বেয়া ঘটনা পৰ্যন্ত আমি দেখিছোঁ এই ক্ষেত্ৰত চৰকাৰ সফল নে বিফল ৰাইজে সময়ত নিশ্চয় বিচাৰ কৰিব।বহু ভাল কামৰ মাজতে বেয়া কামৰ বাবেও চৰকাৰ খন  চৰ্চাত থকা দেখা যায়।অসম ৰাজ্যত তৃণমূলৰ ৰাজনৈতিক কৰ্মী সকলৰ পৰা আৰম্ভ কৰি বিধায়ক,সাংসদৰ লৈকে সকলোতে কেৱল দুৰ্নীতি।তাৰোপৰি চৰকাৰৰ প্ৰতিটো বিভাগেই দুৰ্নীতিৰে পোট খাই আছে। চৰকাৰেও দুৰ্নীতি মুক্ত অসম গঢ়াৰ লক্ষেৰে কেৱল পুঠি – খলিহনা কেইটামান ধৰিয়ে দায়িত্ব সামৰে।কিয়নো দুৰ্নীতি মুক্ত অসম গঢ়িবলৈ হ’লে চৰকাৰৰ প্ৰতিজন মন্ত্ৰী বিধায়কৰ লগতে বহু উচ্চ পদষ্ট বিষয়া সাঙোৰ খাব।আনকি মুখ্যমন্ত্ৰী গৰাকীও দুৰ্নীতিৰে লুতুৰি-পুতুৰি হৈ থকাৰ পূৰ্ণ সম্ভাৱনা আছে।সেয়েহে চৰকাৰে এই ক্ষেত্ৰত সাৱধানে অভিনয় কৰি আহিছে।সেই একে সময়তে কিন্তু অসমৰে কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৰাকী সম্পূৰ্ণৰূপে দুৰ্নীতি মুক্ত।তেখেত আজিলৈকে কোনো ধৰণৰ দুৰ্নীতিৰ সৈতে জড়িত হোৱাৰ খবৰ পোৱা নাই।বৰঞ্চ লোকসভাতো তেখেতে বিৰোধী হিচাপে শক্তিশালী প্ৰশ্নবানেৰে সৱল ভূমিকা পালন কৰাহে দেখা যায়।সেয়া সাংসদ গৰাকীৰ সফলতা আৰু বিচক্ষণ ৰাজনৈতিক পাৰদৰ্শিতা বুলিব পাৰি।অতি কম দিনৰ ভিতৰতে ৰাজনীতিৰ সৰু-বৰ সকলো কথা শিকি লৈ ৰাইজৰ সকলো সমস্যাৰ কথা কেন্দ্ৰীয় চৰকাৰক অৱগত কৰাত অকণো কোণ্ঠাবোধ নকৰে।যদি অসমৰ সকলো ৰাজনৈতিক নেতা-পালিনেতাই এই সাংসদ গৰাকীৰ দৰেই দুৰ্নীতি মুক্ত হৈ থকা হ’লে অসম আজি দেশৰ ভিতৰতে প্ৰথম স্থানত থাকিল হেতেঁন।কিন্তু এতিয়া দুৰ্নীতিৰ ফালৰ পৰাহে যেন অসম প্ৰথম স্থানত থকা দেখা গৈছে।গতিকে ৰাইজে নিৰ্বাচিত কৰা নেতা সকল দুৰ্নীতি মুক্ত হোৱাটো অতি জৰুৰী।কিয়নো অসমৰ জনতাই লাহে লাহে দেশৰ আৰু ৰাজ্যৰ ৰাজনীতিৰ সকলো কথা বুজি উঠিছে।