দুৰ্গা পূজা আয়োজনৰ ক্ষেত্ৰত পূজা সমিতিসমূহে মানিব লাগিব কেতবোৰ নিয়ম
ৰঙিলী বাৰ্ত্তাসেৱা- শাৰদীয় দুৰ্গা পূজা লৈ মাজত মাত্ৰ এমাহ । এইবাৰো দুৰ্গা পূজা আয়োজনৰ ক্ষেত্ৰত পূজা সমিতিসমূহে মানিব লাগিব কেতবোৰ নিয়ম ৷ আগন্তুক শাৰদীয় দুৰ্গোৎসৱৰ প্ৰস্তুতি সন্দৰ্ভত কামৰূপ মহানগৰ জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ উদ্যোগত দুৰ্গাপূজা সমিতিৰ প্ৰতিনিধিসকলৰ সৈতে এখন বৈঠক অনুষ্ঠিত হয়। জিলা উন্নয়ন আয়ুক্ত পাৰিজাত ভূঞাৰ পৌৰহিত্যত অনুষ্ঠিত উক্ত বৈঠকত পূজা চলি থকা তথা দেৱী বিসৰ্জনৰ সময়ত সমিতিসমূহে পালন কৰিবলগীয়া নীতি-নিদেৰ্শনা সন্দৰ্ভত বিস্তৃতভাৱে পৰ্যালোচনা কৰা হয় । দুৰ্গোৎসৱৰ প্ৰস্তুতি সন্দৰ্ভত অনুমতি তথা উদযাপনৰ ক্ষেত্ৰত জিলা প্ৰশাসনে নিৰ্ধাৰণ কৰি দিয়া নিৰ্দেশনাসমূহ সঠিক ৰূপত পালন কৰি পূজাৰ কেউদিনৰ কাৰ্যসূচী শান্তি-শৃংখলা বজাই ৰাখি নিয়াৰিকৈ উদযাপন কৰিবলৈ জিলা উন্নয়ন আয়ুক্তগৰাকীয়ে সকলো পক্ষকে আহ্বান জনায় । তদুপৰি প্ৰতিমা নিৰ্মাণত যাতে পৰিৱেশ অনুকুল সামগ্ৰীৰ ব্যৱহাৰ কৰা হয় তাৰ প্ৰতি গুৰুত্ব আৰোপ কৰিবলৈ সংশ্লিষ্ট সকলো পক্ষকে আহ্বান জনায় ।এইবাৰ মহানগৰীত দুৰ্গা পূজাত পথ নিৰ্দেশনা সলনি হ’ব। ফ্লাই অভাৰ নিৰ্মাণকাৰ্য চলি থকাৰ বাবে পূজা চোৱাৰ পথ সলনি হ’ব। লালগণেশ, ৰুক্মিণী গাঁও, চানমাৰিত সলনি হ’ব পথ নিৰ্দেশনা। এইবাৰ কমিটীসমূহে পূজা পাতিবলৈ অনুমতিৰ বাবে অনলাইন পঞ্জীয়ন কৰিব লাগিব। কোনো পূজাস্থলীতে উচ্চস্বৰত গান বজাব নোৱাৰিব। পূজাস্থলীত পেট্ৰ’ল, কেৰাচিনজাতীয় দ্ৰব্য ৰাখিব নোৱাৰিব। প্ৰতিখন পূজা মণ্ডপত চিচি টিভি কেমেৰাৰ ব্যৱস্থা কৰিব লাগিব। কেমেৰা বন্দী হোৱা সকলো ফুটেজ ১মাহলৈ কেমেৰাসমূহত থাকিব লাগিব।পথ বন্ধ কৰি সা-সজ্জাৰ বাবে কোনো লাইটিং গেট স্থাপন কৰিব নোৱাৰিব। ইয়াৰোপৰি পূজা উদযাপন তথা দেৱী বিসৰ্জন প্ৰক্ৰিয়া যাতে শৃংখলাবদ্ধৰূপত শান্তিপূৰ্ণভাৱে সম্পন্ন হয়, তাৰ বাবে জিলা প্ৰশাসনে সকলো পক্ষৰে সহায়-সহযোগিতা কামনা কৰিছে৷ বিসৰ্জনৰ শোভাযাত্ৰাত উপযুক্ত গাড়ীৰ ব্যৱহাৰ কৰা, অনুজ্ঞাপত্ৰ থকা চালকক গাড়ী চলোৱাৰ লগতে, প্ৰতিমা বিসৰ্জনৰ সময়ত মিউজিক চিষ্টেমত ধৰ্মমূলক সংগীতৰ ব্যৱস্থা কৰা, পদপথৰ দোকানসমূহৰ সম্পূৰ্ণ পৰিচয় ৰখা, ভি ভি আই পিৰ বাবে বেৰিকেডৰ ব্যৱস্থা কৰা আদিৰ ওপৰত গুৰুত্ব দিবলৈ আহ্বান জনাইছে। প্ৰতিখন পূজাস্থলীত হেল্প ডেস্কৰ ব্যৱস্থা কৰিবলৈ সমিতিসমূহক আহ্বান জনাইছে। যান-বাহন চালনাৰ নীতি-নিদেৰ্শনা পালন কৰি দুৰ্ঘটনামুক্ত অসম গঢ়াৰ লক্ষ্যৰে পৰিবহণ বিভাগে প্ৰস্তুত কৰা সজাগতামূলক ভিডিঅ’ সকলো পূজা সমিতিক পূজাস্থলীত প্ৰদৰ্শন কৰিবলৈ আহ্বান জনাইছে ।