দুটি কবিতাৰ স্তৱক
১
দুখে তিতা বসন্ত কোলাত
নুশুনাবি ৰাগ জয় জয়ন্তী।
মৰা জোনৰ আকাশত
আশাবোৰ গোট মৰা-
নিমিলা অংকৰে ভৰি আছে পদূলি
২
কানখন উনাই থ
ৰাতি এপৰলৈ
দুৱাৰখন খুলি নথবি
গ’ম পাইছনে?
গোনা ম’হবোৰ ঘূৰিছে
যেনি-তেনি।
শুই নাথাকিবি অ’ চন্তৰী
চোঁ মাৰি আহিছে শগুণ,
বুলনিত অজগৰৰ আচোৰ
দলনিত পোনা নেমেলিবি অ’
মাৰল ঘৰত লাগিছে জুই।
মাধুৰী শৰ্মা সভাপণ্ডিত