দুখৰ দিনত – সত্যজিৎ গগৈ

দুখৰ দিনত
সত্যজিৎ গগৈ,
নগাঁও
দুখৰ দিনত
সকলো সাৰে থাকে
সেউজীয়া পাতবোৰ
হালধীয়া হাঁহিবোৰ
শুকুলা ডাৱৰবোৰ,
দুখৰ দিনত
নাৰিকল তেলৰ টেমাত ফুটা কৰা
চাকিটোও নজ্বলে
জোনেও পোহৰ নিদিয়ে
বতাহজাকো নবলে,
দুখৰ দিনত
পাৰ চৰাইও ৰুণ নিদিয়ে
শুনা নাযায় শৰালি জাকৰ খিলখিলনি
কোনেও নাহাঁহে কোনেও নাকান্দে,
দুখৰ দিনত
ঘড়ীটো থমকি ৰয়
ড্ৰাইভাৰৰ ষ্টেয়াৰিং
দমকলৰ হেণ্ডেল
অথবা চাইকেলৰ টিলিঙা,
দুখৰ দিনত
বুকুলৈ উজাই আহে
কোনেও নজনা এটা বিষ
আৰু হাতত মোনা এটা লৈ
ওলাই যায় দেশ ভ্ৰমিবলৈ।।