দীপাৱলী উপলক্ষে ১ নৱেম্বৰত স্থানীয় বন্ধ ঘোষণা 

দীপাৱলী উপলক্ষে ১ নৱেম্বৰত স্থানীয় বন্ধ ঘোষণা 

ৰঙিলী বাৰ্ত্তাসেৱা-  পোহৰৰ উৎসৱ দীপাৱলী উপলক্ষে কামৰূপ মহানগৰ জিলাত অহা ১ নৱেম্বৰত স্থানীয় বন্ধ ঘোষণা কৰা হৈছে। সাধাৰণ প্ৰশাসন বিভাগে এখন অধিসূচনাৰ জৰিয়তে জিলাখনত স্থানীয় বন্ধ ঘোষণা কৰিছে। সেইদিনা কামৰূপ মহানগৰ জিলাৰ ৰাজ্য চৰকাৰৰ সকলো কার্যালয়, শৈক্ষিক প্রতিষ্ঠান বন্ধ থাকিব। ১ নৱেম্বৰত জিলাখনৰ সকলো বিত্তীয় প্রতিষ্ঠান বন্ধ থাকিব বুলিও অধিসূচনাখনত উল্লেখ কৰা হৈছে। উল্লেখ্য যে অহা ৩১ অক্টোবৰ আৰু ১ নৱেম্বৰত ৰাজ্যজুৰি উদ্যাপন কৰা হ’ব কালীপূজা আৰু দীপাৱলী। ইতিমধ্যে পোহৰৰ উৎসৱ দীপাৱলীৰ বাবে ৰাজ্যত উছৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে। বিভিন্ন অনুষ্ঠান- প্রতিষ্ঠান, কার্যালয় ভৱন, বাসগৃহ আদি ৰঙীন লাইটেৰে সজাই-পৰাই তোলা হৈছে। বজাৰত উপলব্ধ হৈছে বিভিন্ন ধৰণৰ ৰঙীন লাইট, মাটিৰ চাকি, আতচবাজী আদি।