দীপাৱলীৰ সংকল্প
কুমুদ চন্দ্ৰ মেধি
দীপাৱলীৰ আনন্দ চাকিৰে পোহৰাই
নোৱাৰোঁ জানো কৰিব পালন,
ফটকাৰ ধোঁৱাৰে কলুষিত নকৰি
পৰিৱেশ আৰু প্ৰাণীৰ জীৱন।
সকলোৱে মিলি শুৱনি কৰোঁ আহা
আমাৰ বসতি সেউজ ধৰা,
উশাহ-নিশাহত সেৱন কৰোঁ
পৰিষ্কাৰ বায়ুৰ শীতল ধাৰা।
এই পৃথিৱীৰ গছ-লতা-বন
মাছ-কাছ, জীৱ অগণন,
সবাৰো আছে এই মাতৃভূমিত
জীয়াই থকাৰ এটি মন।
জীৱশ্ৰেষ্ঠ বুলি আমিয়ে জানো
কৰি থকা নাই গর্ব ?
‘অহিংসা পৰম ধৰ্ম’ নীতি আদর্শ
নামানি কৰিছোঁ খৰ্ব।
আকাশ শুৱনি বতাহ লাৱনী
পাৰিপাৰ্শ্বিকতাৰ ভাৰসাম্য,
আমিয়ে বজাই ৰাখিব লাগিব
সেয়া হওঁক আমাৰ কাম্য।
সংকল্প লওঁ আটায়ে মিলি
সুন্দৰ কৰিম এই ধৰা,
আশীর্বাদ কৰিব দেৱতাসকলেও
নীল গগণৰ পৰা।
আইতাই আজি নক’লৈ সাধু
শুনালে অমৃত বাণী,
পোহৰৰ উৎসৱ দীপাৱলী পালনত
মনত ৰাখিম উপদেশখিনি।