দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ ঘৰত টকাৰ পাহাৰ
ৰঙিলী বাৰ্ত্তাসেৱা- দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ ঘৰত সংঘটিত অগ্নিকাণ্ডই দেশজুৰি সৃষ্টি কৰিছে চাঞ্চল্য। দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ বাসগৃহত উদ্ধাৰ টকাৰ পাহাৰ। ন্যায়াধীশ যশৱন্ত বাৰ্মাৰ বাসগৃহত বিগত সপ্তাহত অগ্নিকাণ্ড সংঘটিত হৈছে। এই অগ্নি নির্বাপণ কৰিবলৈ যাওঁতে অগ্নিনির্বাপক বাহিনী আৰু আৰক্ষীৰ লোকে ন্যায়াধীশ যশৱন্ত বাৰ্মাৰ বাসগৃহত টকাৰ পাহাৰ উদ্ধাৰ কৰে। বিপুল পৰিমাণৰ নগদ টকা উদ্ধাৰ হোৱাৰ পাছত এই বিষয়টো আৰক্ষীয়ে কেন্দ্ৰীয় গৃহ মন্ত্রালয়ক অৱগত কৰে। প্রায় গোপনে ৰাখিব খোজা এই ভয়াৱহ দুর্নীতিৰ বিষয়ে পাছলৈ সংবাদ মাধ্যমত প্ৰচাৰ হয় উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাই ন্যায়াধীশ বার্মাক বদলি কৰাৰ পাছত। বিপুল পৰিমাণৰ নগদ ধন উদ্ধাৰ হোৱাৰ পাছত আৰক্ষীয়ে ন্যায়াধীশ বাৰ্মাৰ পৰিয়ালৰ সদস্যসকলক এই ধন সন্দর্ভত সোধা- পোছা কৰে যদিও কোনোধৰণৰ সদুত্তৰ দিব নোৱাৰিলে। আনকি ন্যায়াধীশ যশৱন্ত বাৰ্মায়ো এই টকাৰ পাহাৰ সন্দৰ্ভত বিশেষ তথ্য দিব নোৱাৰিলে। আৰক্ষীয়ে ন্যায়াধীশগৰাকীৰ বিৰুদ্ধে ইতিমধ্যে উপার্জন বহির্ভূত সম্পত্তিৰ গোচৰ ৰুজু কৰিছে। ন্যায়াধীশৰ বাসগৃহত বিপুল পৰিমাণৰ নগদ ধন উদ্ধাৰক লৈ উদ্বিগ্ন উচ্চ ন্যায়ালয়ে তৎকালীনভাৱে ব্যৱস্থা গ্রহণ কৰি যশৱন্ত বার্মাক এলাহাবাদলৈ বদলি কৰিছে। ইতিমধ্যে এই বিষয়টো তদন্তৰ বাবে উচ্চ ন্যায়ালয়ৰ ৫জনীয়া ন্যায়াধীশৰ কমিটী গঠন কৰা হৈছে। এই কমিটীয়ে প্ৰাৰম্ভিক তদন্তত যশৱন্ত বার্মাক এলাহাবাদ উচ্চ ন্যায়ালয়লৈ বদলিৰ নিৰ্দেশ দিয়ে। ৫জনীয়া কমিটীৰ কেইবাজনে ন্যায়াধীশ যশৱন্ত বাৰ্মাক কঠোৰ শাস্তি বিহাৰ পক্ষত আছে যদিও এতিয়ালৈকে বদলিৰ বাদে বিশেষ ব্যৱস্থা গ্রহণ কৰা নাই। দেশৰ ন্যায়িক ব্যৱস্থাৰ বিশ্বাসযোগ্যতা হানি হোৱা এই ঘটনাক লৈ দেশজুৰি ব্যাপক চর্চা লাভ কৰিছে। গুৰুত্বপূৰ্ণ যে বাসগৃহত অগ্নিকাণ্ড সংঘটিত হোৱাৰ সময়ত ন্যায়াধীশ যশৱন্ত বার্মা উপস্থিত নাছিল। ২০২১ চনত দিল্লী উচ্চ ন্যায়ালয়ত নিযুক্তি লাভ কৰা ন্যায়াধীশ যশৱন্ত বার্মা ইয়াৰ পূৰ্বেও বিতৰ্কৰ সৈতে সাঙোৰ খাই আছে। ইপিনে, দিল্লীৰ বাসগৃহত বুজন পৰিমাণৰ ধন উদ্ধাৰ হোৱাৰ পাছত ন্যায়াধীশ যশৱন্ত বার্মাক এলাহাবাদ উচ্চ ন্যায়ালয়লৈ বদলি কৰা সন্দৰ্ভত তীব্র প্রতিক্রিয়া ব্যক্ত কৰিছে বাৰ এছ’চিয়েচনে। এলাহাবাদ উচ্চ ন্যায়ালয়ক ডাষ্টবিন হিচাপে ব্যৱহাৰ নকৰিবলৈ দাবী জনাইছে উচ্চ ন্যায়ালয়ৰ বাৰ এছ’চিয়েচনে।