দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়াক গ্ৰেপ্তাৰৰ গৰিহণা অসম তৃণমূল কংগ্ৰেছৰ
গুৱাহাটী,ৰঙিলী বাৰ্ত্তাসেৱা- দিল্লীৰ আম আদমী পাৰ্টী চৰকাৰৰ উপ মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়াক গ্ৰেপ্তাৰক গৰিহণা দিছে অসম তৃণমূল কংগ্ৰেছ দলে। এক বিবৃতিত দলৰ মিডিয়া বিভাগৰ অধ্যক্ষ দিলীপ কুমাৰ শৰ্মাই আপৰ নেতা মনীষ ছিছোদিয়াৰ গ্ৰেপ্তাৰৰ বাবে পোনপটীয়াকৈ কেন্দ্ৰৰ বিজেপি চৰকাৰক দোষাৰোপ কৰে। ‘বিজেপিয়ে ২০১৪ চনত কেন্দ্ৰৰ শাসনত অধিষ্ঠিত হোৱাৰ পাছতে গণতন্ত্ৰক কেনেধৰণে কৱৰ দি আক্ৰোশমূলক পদক্ষেপ লৈ আহিছে সেই কথা আমি দেখি আহিছো। অনুসন্ধানকাৰী সংস্হাসমূহক বিজেপি চৰকাৰে বিৰোধীক নি:শেষ কৰাৰ অস্ত্ৰ হিচাপে লৈছে। নিজৰ স্বাৰ্থত কি চিবিআই কি ইডি সকলোকে ব্যৱহাৰ কৰি আহিছে। আৰু ই দেশৰ অস্তিত্বলৈ ভাবুকি আনিছে। ইতিমধ্যে বিজেপিয়ে এই ক্ষেত্ৰত চৰম সীমা অতিক্ৰম কৰিছে। এতিয়া এই গণতন্ত্ৰ ধ্বংসকাৰী শক্তিৰ বিৰুদ্ধে ৰাইজ সজাগ হৈ আগবাঢ়ি আহিব লাগিব। আৰু এয়া কৰিব লাগিব নিজৰেই ভৱিষ্যতৰ সুৰক্ষাৰ বাবে।’অসম তৃণমূল কংগ্ৰেছে লগতে মনীষ ছিছোদিয়াৰ মুক্তিৰো দাবী জনায়।