দিল্লীত ৰাষ্ট্ৰদূত হার্ভে ডেলফিনক সাক্ষাৎ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

দিল্লীত ৰাষ্ট্ৰদূত হার্ভে ডেলফিনক সাক্ষাৎ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

ৰঙিলী বাৰ্ত্তাসেৱা–  অচিৰেই গুৱাহাটীত স্থাপন কৰা হ’ব ইউৰোপীয় সংঘৰ প্ৰকল্প ব্যৱস্থাপনাৰ কাৰ্যালয়। শেহতীয়াকৈ গুৱাহাটীত সম্পন্ন হৈ যোৱা ‘এডভান্টেজ আছাম’ৰ পিছত ইউৰোপীয় সংঘই ইয়াৰ কুচকাৱাজ আৰম্ভ কৰিছে।  নতুন দিল্লীত ভাৰতত থকা ইউৰোপীয় সংঘৰ ৰাষ্ট্রদূত হার্ভে ডেলফিনে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত এই কথা ব্যক্ত কৰিছে। পুৱাৰ ভাগত দিল্লীত উপস্থিত হোৱা মুখ্যমন্ত্রীজনে ইউৰোপীয় সংঘৰ ৰাষ্ট্ৰদূতজনক তেওঁৰ দিল্লীস্থিত বাসভৱনলৈ গৈ সাক্ষাৎ কৰে। মুখ্যমন্ত্ৰী ড°  শৰ্মাই মূলতঃ ‘এডভান্টেজ আছাম’লৈ ইউৰোপীয় সংঘৰ সদস্য দেশসমূহে আগবঢ়োৱা সহযোগিতাৰ বাবে হাৰ্ভেৰ ওচৰত কৃতজ্ঞতা ব্যক্ত কৰে। সাক্ষাৎকালত হাৰ্ভেৰ সৈতে বিভিন্ন বিষয়তো আলোচনা হোৱা বুলি মুখ্যমন্ত্রী ড°  শৰ্মাই পিছত এক্সযোগে জানিবলৈ দিয়ে। ইউৰোপীয় সংঘৰ সৈতে যৌথ উদ্যোগত অসমত ক্লীন এনার্জী, ছেমিকণ্ডাক্টৰ, উচ্চ শিক্ষা, দক্ষতা বিকাশ, সুগন্ধি তথা আতৰৰ সৈতে জড়িত উদ্যোগ গঢ়ি তোলাৰ ওপৰত আলোচনাত বিশেষ গুৰুত্ব প্ৰদান কৰা হয়। আনহাতে গুৱাহাটীত ইউৰোপীয় সংঘৰ প্ৰকল্প ব্যৱস্থাপনাৰ কাৰ্যালয় স্থাপনৰ ক্ষেত্ৰত অসম চৰকাৰে সংঘক সকলো ধৰণৰ সহায়-সহযোগিতা আগবঢ়োৱাৰ প্রতিশ্রুতি প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে। এইক্ষেত্ৰত কেন্দ্ৰৰ বৈদেশিক পৰিক্ৰমাৰো সহযোগিতা লোৱাৰ কথা দাঙি ধৰে মুখ্যমন্ত্রীজনে।