দিল্লীত ৰাজ্য চৰকাৰৰ ছমহীয়া কাৰ্যকালক লৈ মুখ্যমন্ত্ৰীৰ মন্তব্য

Pc- DNA India

 দিল্লীত ৰাজ্য চৰকাৰৰ ছমহীয়া কাৰ্যকালক লৈ মুখ্যমন্ত্ৰীৰ মন্তব্য

ৰঙিলী বাৰ্ত্তাসেৱা- নতুন দিল্লীৰ পঞ্চতাৰকা হোটেল ‘লা মেৰিডিয়ান’ত অসমৰ সাংবাদিকসকলৰ সৈতে হোৱা এক বাৰ্তালাপত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰৰ ৬মাহ কাৰ্যকাল পূৰ্ণ কৰাৰ বিষয়টোক লৈ প্রতিক্রিয়া ব্যক্ত কৰি কয় যে- ‘সদ্যহতে আমি বীজহে ৰোপণ কৰিছোঁ। ইয়াৰ সুফল আমি এটা বছৰ সম্পূৰ্ণ কৰাৰ পাছত দেখা পাম।’ পিছে যোৱা ছয় মাহত বড়ো চুক্তি, এন এফ এল বি, কাৰ্বি, আলফা আদিৰ পৰা আৰম্ভ কৰি ড্ৰাগছৰ বিৰুদ্ধে যি সংগ্ৰাম- আমি সকলো কৰাৰ চেষ্টা কৰিছোঁ।মিছন বসুন্ধৰা, প্রজেক্ট সম্ভাৱনাৰ নিচিনা বহুতো কাম যি আমি আগতে ভাবিব পৰা নাছিলোঁ, সেয়া আমি যোৱা ৬ মাহত আগবাঢ়াই লৈছোঁ। কিন্তু তাক লৈ সন্তুষ্টি আহিব নালাগে। ‘মোৰ যদি লক্ষ্য ১০০ হয়, এতিয়া মই ৫ত থিয় হৈ আছোঁ আৰু বহুদূৰ যাত্ৰা বাকী আছে।’ মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় অহা পাঁচ বছৰত বহুতো কাম কৰাৰ ইচ্ছা আছে। চলিত মাহত ‘প্ৰজেক্ট সদ্ভাৱনা’ৰ পৰা এই প্ৰক্ৰিয়া আগবঢ়াই নিয়া হ’ব।নৱেম্বৰ মাহৰ ভিতৰত অসমত এশ শতাংশ প্রথম পালি টিকাকৰণৰ কাম সম্পন্ন কৰা হ’ব বুলিও মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়। অহা বছৰ ফেব্ৰুৱাৰী মাহৰ ভিতৰত অসমত টিকাকৰণ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা হ’ব। ইয়াৰ বাবে অসম চৰকাৰে শেহতীয়াকৈ ব্লুপ্রিণ্ট ৰচনা কৰিছে। কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনসুখ মাণ্ডাভিয়াৰ সৈতে দিল্লী ভ্ৰমণৰত মুখ্যমন্ত্ৰীৰ আলোচনাৰ পাছত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ২৬ নৱেম্বৰৰ ভিতৰত ৰাজ্যৰ স্বাস্থ্য বিভাগে অসমৰ চুকে-কোণে এশ শতাংশ প্রথম পালি টিকা দিয়াৰ কাম সম্পন্ন কৰিব। ইয়াৰ বাবে ৰাজ্যৰ সকলো চৰকাৰী কৰ্মচাৰীক নিয়োজিত কৰা হ’ব। এসপ্তাহৰ বাবে চৰকাৰী আন সকলো কাম এৰি ৪২ হাজাৰ ৰাজপত্ৰিত বিষয়া, শিক্ষক, অধ্যাপককো টিকাকৰণৰ কামত নিয়োগ কৰা হ’ব। গুণোৎসৱৰ দৰেই সম্পন্ন কৰা হ’ব এই কাম।