দিল্লীত দেশৰ ২৪ খন ৰাজ্যৰ পৰা অহা গ্ৰাহকৰ উপস্থিতিত জাতীয় অভিৱৰ্তন
ৰঙিলী বাৰ্ত্তাসেৱা- বিদ্যুতৰ বেচৰকাৰীকৰণ, জোৰ কৰি জনবিৰোধী প্ৰিপেইড স্মাৰ্ট মিটাৰ স্থাপন আৰু কৰ্পৰেট গোষ্ঠীৰ স্বাৰ্থত বিদ্যুৎ সংশোধনী বিলক আইনত পৰিণত কৰাৰ চৰকাৰৰ নিৰন্তৰ চক্ৰান্তৰ বিৰুদ্ধে অল ইন্ডিয়া ইলেক্ট্ৰিচিটি কনজিউমাৰ্চ এছচিয়েছনৰ উদ্যোগত আজি দিল্লীৰ শ্বাহ অডিটোৰিয়ামত দেশৰ ২৪ খন ৰাজ্যৰ পৰা অহা সহস্ৰাধিক বিদ্যুৎ গ্ৰাহকৰ উপস্থিতিত এক গুৰুত্বপূৰ্ণ জাতীয় অভিৱৰ্তন অনুষ্ঠিত হয়। সংগঠনৰ সৰ্বভাৰতীয় সভাপতি স্বপন ঘোষৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই অভিৱৰ্তন উদ্বোধন কৰে অল ইন্ডিয়া পাৱাৰ ইঞ্জিনীয়াৰ ফেডাৰেচনৰ অধ্যক্ষ শৈলেন্দ্ৰ নাথ দুবেই। তেওঁ কয়, দেশৰ কোটি কোটি গ্ৰাহক, কৃষক আৰু লাখ লাখ বিদ্যুৎ কৰ্মচাৰীৰ স্বাৰ্থক সম্পূৰ্ণ জলাঞ্জলি দি একমাত্ৰ কৰ্পৰেট গোষ্ঠীৰ মুনাফাৰ স্বাৰ্থত সমগ্ৰ বিদ্যুৎ খন্ডক বেচৰকাৰী মালিকৰ হাতত তুলি দিবলৈ চৰকাৰে কিদৰে এটাৰ পিছত এটাকৈ ষড়যন্ত্ৰ ৰচনা কৰি আছে সেয়া দেশৰ জনতাই এতিয়াও ভালকৈ উপলব্ধি কৰিব পৰা নাই। চৰকাৰৰ এই ভয়ংকৰ ষড়যন্ত্ৰক একমাত্ৰ গ্ৰাহক আৰু বিদ্যুৎ কৰ্মচাৰীসকলৰ যৌথ আন্দোলনেহে প্ৰতিহত কৰিব পাৰে।তাৰোপৰি বক্তব্য ৰাখে এ আই পি ই এফৰ পৃষ্ঠপোষক অশোক ৰাও, তামিলনাডুৰ শক্তি বিতৰণ কোম্পানীৰ অবসৰপ্ৰাপ্ত উচ্চ পদস্থ বিষয়া এছ গান্ধী, অল আছাম ইলেক্ট্ৰিচিটি কনজিউমাৰ্চ এছচিয়েছনৰ উপদেষ্টা বিমল দাস, দামোদৰভেলী কৰ্পোৰেচনৰ এ কে জৈন, এ আই ই চি এৰ সাধাৰণ সম্পাদক কে ভেনুগোপাল, অল আছাম ইলেক্ট্ৰিচিটি কনজিউমাৰ্চ এছচিয়েছনৰ অন্যতম আহ্বায়ক অজয় আচাৰ্য্য প্ৰমূখ।অভিৱৰ্তনৰ পৰা বিদ্যুতৰ বেচৰকাৰীকৰণ, স্মাৰ্ট মিটাৰ ৰ বিৰুদ্ধে দেশব্যাপী বিদ্যুৎ গ্ৰাহক আৰু কৰ্মচাৰী সকলৰ যৌথ আন্দোলন গঢ়ি তোলাৰ সিদ্ধান্ত ঘোষনা কৰা হয়।উল্লেখযোগ্য যে, যোৱা কালি এছচিয়েছনৰ উদ্যোগত দেড় সহস্ৰাধিক গ্ৰাহকে সংসদ অভিযান কৰিবলৈ গৈ জন্তৰমন্তৰত সমবেত হৈ তিনি ঘন্টা জোৰা বিক্ষোভ প্ৰদৰ্শন কৰে। দিল্লীৰ এই আন্দোলনৰ কাৰ্যসূচীত অসমৰ পৰা প্ৰায় দুইশতাধিক গ্ৰাহকে অংশগ্ৰহণ কৰে।