দিল্লীত উত্তৰ-পূৰ্বাঞ্চলৰ ৯৫ টা জনগোষ্ঠীয় সংগঠনৰ উপস্থিতিত এবিভিপিৰ “উত্তৰ পূব ছাত্ৰ আৰু যুৱ সংসদ
উত্তৰ-পূব ভাৰতীয় সংস্কৃতিৰ এক অমূল্য সম্পদ : অমিত শ্বাহ
এবিভিপিয়ে উত্তৰ-পূবৰ ছাত্ৰ সংগঠনৰ মাজত সেতু হিচাপে কাম কৰিব লাগে: শ্বাহ
ৰঙিলী বাৰ্ত্তাসেৱা- অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ আৰু আন্তঃৰাজ্যিক ছাত্ৰ জীৱন দৰ্শন (SEIL)ৰ যুটীয়া তত্বাৱধানত নতুন দিল্লীৰ এনডিএমচি কনভেনচন চেণ্টাৰত আজি উত্তৰ-পূব ছাত্ৰ যুৱ সংসদৰ আয়োজন কৰা হয়। এই ঐতিহাসিক ছাত্ৰ সংসদত উত্তৰ-পূব ভাৰতৰ সাতখন ৰাজ্যৰ ৯৫টা ছাত্ৰ সংগঠনৰ ১৭০ গৰাকী প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। ইয়াৰ উপৰিও উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যৰ পৰা এবিভিপিৰ ৫০ জন প্ৰতিনিধি আৰু দিল্লী স্থিত উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ছাত্ৰ সংগঠনৰ ৫০ জন প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। য’ত সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা, সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা, সদৌ তিৱা ছাত্ৰ সন্থা, সদৌ অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থা, সোণোৱাল কছাৰী ছাত্ৰ সন্থা, টাই আহোম ছাত্ৰ সন্থা, অল মিছমি ষ্টুডেন্টছ ইউনিয়ন, অল টাই খামটি চিংফো ষ্টুডেন্টছ ইউনিয়ন, অল মেয়ৰ ষ্টুডেন্টছ ইউনিয়ন, অল ইডু-মিছমি ষ্টুডেন্টছ ইউনিয়ন, অল শ্বেৰডুকপেন ষ্টুডেন্টছ ইউনিয়ন, অল মনপা ষ্টুডেন্টছ ইউনিয়ন, অল টুটছা ষ্টুডেন্টছ ইউনিয়ন (চাংলাং), অল টুটছা ষ্টুডেন্টছ ইউনিয়ন (টিৰাপ) আৰু অন্য বহু কেইটা ছাত্ৰ সংগঠনে অংশগ্ৰহণ কৰে। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহ, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সহ-সৰকাৰ্যবাহ শ্ৰীযুত মুকুন্দ চি আৰ, কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱাল, এবিভিপিৰ ৰাষ্ট্ৰীয় সংগঠনিক সম্পাদক শ্ৰীযুত আশীষ চৌহান, এবিভিপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ড° বীৰেন্দ্ৰ সিং সোলংকী, এবিভিপিৰ ট্ৰাষ্টী সুনীল বসুমতাৰী, এবিভিপিৰ ৰাষ্ট্ৰীয় সম্পাদক কমলেশ সিং, এবিভিপি অৰুণাচল প্ৰদেশৰ ৰাজ্যিক সম্পাদক কুমাৰী বিকি যাদৱ লগতে অন্যান্য বিশিষ্ট ব্যক্তি সকল। উত্তৰ-পূব ছাত্ৰ যুৱ সংসদত শিক্ষা, স্বাস্থ্য, সংযোগ, পৰ্যটন, পৰিৱেশ, ব্যৱসায়, উদ্যোগীকৰণ, নিচামুক্তকৰণ, সীমান্ত সুৰক্ষা আৰু অন্যান্য গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ওপৰত প্ৰতিনিধি সকলে নিজৰ মতামত প্ৰকাশ কৰে। উত্তৰ-পূৰ্বাঞ্চলৰ আন্তঃগাঁথনিৰ উন্নয়ন ত্বৰান্বিত কৰা, পথ, ৰেলপথ আৰু ডিজিটেল সংযোগ শক্তিশালী কৰা, শিক্ষাৰ মান উন্নত কৰা, উত্তৰ-পূৰ্বাঞ্চলত বিশ্ববিদ্যালয় আৰু হোষ্টেলৰ সংখ্যা বৃদ্ধি কৰা, পৰ্যটনৰ প্ৰসাৰৰ বাবে সাংস্কৃতিক আদান-প্ৰদান আৰু বাণিজ্য শক্তিশালী কৰা, পৰম্পৰাগত শিল্প আৰু হস্তশিল্প উদ্যোগৰ প্ৰচাৰ, ড্ৰাগছমুক্ত সমাজৰ দিশত এক ব্যাপক সজাগতা অভিযান চলোৱা আদি বিভিন্ন দাবীৰ ওপৰত বিষদভাৱে চৰ্চা কৰা হয়। উত্তৰ-পূব যুৱ ছাত্ৰ সংসদৰ মুখ্য অতিথি কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে তেওঁৰ ভাষণত কয় যে উত্তৰ-পূব ভাৰত ভাৰতীয় সংস্কৃতিৰ এক অমূল্য সম্পদ। এই অঞ্চলটোৰ বৈচিত্ৰতাৰ লগতে ইয়াৰ সাংস্কৃতিক ঐতিহ্য, পৰম্পৰা আৰু বিশ্বাস আমাৰ জাতীয় জীৱনৰ অবিচ্ছেদ্য অংগ। উত্তৰ-পূৰ্বাঞ্চলক ৰাষ্ট্ৰীয় উন্নয়নৰ মূলসুঁতিলৈ অনাৰ বাবে আমি যোৱা দহ বছৰত একত্ৰিত প্ৰচেষ্টা চলাইছো। আজি উত্তৰ-পূৰ্বাঞ্চলত শান্তি আৰু স্থিতিশীলতা প্ৰতিষ্ঠা কৰা হৈছে, যাৰ ফলত উগ্ৰপন্থী শক্তি ৭০% হ্ৰাস পাইছে, নিৰাপত্তাৰক্ষীৰ শ্বহীদ হোৱাৰ হাৰ ৭০% হ্ৰাস পাইছে আৰু অসামৰিক মৃত্যুৰ হাৰ ৮৯% হ্ৰাস পাইছে। বছৰ বছৰ ধৰি ১০,৫০০ৰো অধিক বিদ্ৰোহীয়ে আত্মসমৰ্পণ কৰি অস্ত্ৰ-শস্ত্ৰ থৈছে। তেওঁ আৰু কয় যে উত্তৰ-পূৰ্বাঞ্চলৰ সাংস্কৃতিক, ভাষিক আৰু পৰম্পৰাগত ঐতিহ্য সংৰক্ষণৰ বাবে আমি দৃঢ়প্ৰতিজ্ঞ। উত্তৰ-পূৰ্বাঞ্চলৰ বাবে চৰকাৰে বান নিয়ন্ত্ৰণৰ কাৰ্যকৰী পৰিকল্পনা আনিছে, যাৰ অধীনত ৩০০ৰো অধিক নতুন হ্ৰদ নিৰ্মাণৰ প্ৰস্তাৱ দিয়া হৈছে। একে সময়তে ২০১৪-১৫ চনৰ তুলনাত ২০২৪-২৫ চনত উত্তৰ-পূবৰ ৰাজ্যসমূহৰ বাজেট আবণ্টন ১৫৩% বৃদ্ধি কৰা হৈছে। ইয়াৰ দ্বাৰা এই খণ্ডৰ উন্নয়নৰ প্ৰতি আমাৰ দায়বদ্ধতা প্ৰকাশ পাইছে। উত্তৰ-পূৰ্বাঞ্চলৰ শান্তি, উন্নয়ন আৰু ঐক্য শক্তিশালী কৰাৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ আৰু আগন্তুক বছৰবোৰত ইয়াক আৰু অধিক শক্তিশালী কৰি তুলিব।শ্বাহে আৰু কয় যে আজি দেশত যদি কোনো ছাত্ৰ সংগঠন আছে যিয়ে চৰিত্ৰ নিৰ্মাণৰ কথা কয় তেন্তে সেয়া কেৱল অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ। বিদ্যাৰ্থী পৰিষদে কেৱল দেশৰ কথা চিন্তা কৰে যদি ভাৰতৰ ভৱিষ্যতৰ লগত জড়িত হ’ব বিচাৰে তেন্তে ABVP ত যোগদান কৰা উচিত। ইয়াৰ সমান্তৰালকৈ এবিভিপিয়ে উত্তৰ-পূৰ্বাঞ্চলৰ ছাত্ৰ সংগঠনৰ মাজত সেতু হোৱাৰ কামো কৰিব লাগে। অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ড০ বীৰেন্দ্ৰ সিং সোলংকিয়ে কয় যে উত্তৰ-পূব ভাৰতৰ সুৰক্ষা, সাংস্কৃতিক ঐক্য আৰু সামগ্ৰিক উন্নয়নত এবিভিপিয়ে সদায় সক্ৰিয় ভূমিকা পালন কৰি আহিছে। অসমত বাংলাদেশী অনুপ্ৰৱেশৰ বিষয়েই হওক বা শ্বহীদ জ্যোতি যাত্ৰাৰ জৰিয়তে জাতীয়তাবাদী চেতনা জগাই তোলাৰ পদক্ষেপেই হওক, এবিভিপিয়ে প্ৰতিটো ফ্ৰণ্টতে দৃঢ়তা প্ৰদৰ্শন কৰিছে। আন্তঃৰাজ্যিক ছাত্ৰ জীৱন দৰ্শন (SEIL)ৰ অধীনত ‘ভাৰত আমাৰ দেশ’ শীৰ্ষক বিষয়বস্তুৰ ওপৰত কাম কৰি উত্তৰ-পূৰ্বাঞ্চলক ৰাষ্ট্ৰীয় মূলসুঁতিৰ সৈতে সুদৃঢ়ভাৱে সংযোগ কৰাৰ প্ৰয়াস কৰা হৈছে। উত্তৰ-পূৰ্বাঞ্চলৰ ছাত্ৰ সংসদ কেৱল আলোচনাত সীমাবদ্ধ নহয় বৰঞ্চ নীতি নিৰ্ধাৰণত ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণ নিশ্চিত কৰাৰ এক ঐতিহাসিক পদক্ষেপ, যাৰ অধীনত গ্ৰহণ কৰা সিদ্ধান্ত আৰু ছাত্ৰ-ছাত্ৰীৰ দাবীসমূহ অতি সোনকালে চৰকাৰলৈ প্ৰেৰণ কৰা হ’ব।