দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে নৱম সংখ্যক মাজুলী জিলা প্ৰতিষ্ঠা দিৱস উদযাপন
বিকাশ শইকীয়া, মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা- মাজুলী জিলাৰ নৱম সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে দেওবাৰে মাজুলী জিলা প্ৰশাসনৰ উদ্যোগত আৰু মাজুলী বিধানসভা সমষ্টিৰ বিধায়ক ভূৱন গামৰ পৃষ্ঠপোষকতাত দিনজোৰা কাৰ্যসূচীৰে দিৱসটি পালন কৰা হয়। বিশ্বৰ সৰ্ববৃহৎ নদীদ্বীপ মাজুলীৰ দ্ৰুত উন্নয়ন আৰু সামগ্ৰিক পৰিবৰ্তনৰ এক যুগান্তকাৰী পদক্ষেপ আছিল ৮ ছেপ্টেম্বৰ ২০১৬ তাৰিখৰ পৰা মাজুলীক এক পূৰ্ণ পৰ্যায়ৰ জিলা হিচাপে ঘোষণা কৰা অসম চৰকাৰৰ সেই সিদ্ধান্ত ।
এই দিনজোৰা কাৰ্যসূচীৰ অংশস্বৰূপে পুৱা বিধায়ক ভূৱন গামে কমলাবাৰীত এক ‘ক্লক টাৱাৰ’ৰ আধাৰশিলা স্থাপন কৰে। ইয়াৰ পাছতে কমলাবাৰীত এক পৰিবেশ নিকাকৰণৰ কাৰ্যসূচী ৰূপায়ন কৰা অন্ততঃ গড়মূৰস্থিত জিলা কাৰাগাৰত চৌহদত এক যোগ চৰ্চা অনুষ্ঠানৰ আয়োজন কৰা হয়। ইয়াৰ পাছতে গড়মুৰ পীতাম্বৰদেৱ গোস্বামী জিলা চিকিৎসালয়ত এক ৰক্তদান শিবিৰৰ আয়োজন কৰা হয়।
এই ৰক্তদান শিবিৰত জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়া, বিভিন্ন চৰকাৰী বিভাগৰ বিষয়া-কৰ্মচাৰীসকল, বেচৰকাৰী সংগঠনৰ নেতা সকলৰ লগতে সাধাৰণ ৰাইজে ৰক্তদান কৰে। ইয়াৰ সমান্তৰালকৈ গড়মুৰ বংশীগোপাল নাট্যমন্দিৰৰ প্ৰাংগনত এক চিত্ৰাংকন প্ৰতিযোগিতাৰ লগতে এক মুকলি সভাৰ আয়োজন কৰা হয়।
একেই স্থানতে যোৱা ৮/৯ বছৰত মাজুলী জিলাৰ উন্নয়নৰ দিশসমূহ সামৰি প্ৰস্তুত কৰা এক তথ্যচিত্ৰ প্ৰদৰ্শন কৰা হয়। এই সভাত ভাষণ প্ৰদান কৰি বিধায়ক ভুৱন গামে কয় যে মাজুলীয়ে পূৰ্ণ পৰ্যায়ৰ জিলাৰ মৰ্যাদা পোৱাৰ পাছৰে পৰা বিশ্বৰ সৰ্ববৃহৎ নদীদ্বীপটোৱে উন্নয়নৰ এক নতুন যাত্ৰাত আগবাঢ়ি যাবলৈ সক্ষম হৈছে। মাজুলীয়ে এক পূৰ্ণ পৰ্যায়ৰ জিলাৰ মৰ্যাদা পোৱাৰ বাবে মাজুলীবাসী ৰাইজৰ সকলো আশা আকাংক্ষা পূৰ্ণ হোৱাৰ দিশত বুলি মন্তব্যত উল্লেখ কৰে। যোৱা ৮/৯ টা বছৰত মাজুলীবাসীৰ প্ৰতি থকা বৰ্তমানৰ চৰকাৰখনৰ দ্বায়বদ্ধতা আৰু সদিচ্চাৰ বাবে অঞ্চলটোৱে উন্নয়নৰ এক নতুন দিগন্তৰ পিনে আগুৱাই গৈছে বুলি বিধায়ক গৰাকীয়ে মন্তব্য কৰে।
এই অনুষ্ঠানত মুঠ ২০ খন গাওঁ পঞ্চায়তৰ অধীনস্থ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি তথা সমাজকৰ্মীক জিলা দিৱসৰ লগত সংগতি ৰাখি তেওলোকৰ কৰ্মৰাজিৰ বাবে সন্মান প্ৰদান কৰা হয়। এই সভাত পদ্মশ্ৰী হেমচন্দ্ৰ গোস্বামীৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে । বংশীগোপাল নাট্যমন্দিৰতে নিশালৈ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ কৰ্মচাৰী সকলৰ দ্বাৰা ‘ নৰকাসুৰৰ পতন দ্বিবিদৰ মুক্তিলাভ,দুৰ্যোধনৰ দৰ্পচুৰ্ণ’ ভাওনা প্ৰদৰ্শনৰ কৰা হয়।