দিছপুৰত সাংসদ-মন্ত্ৰীৰ উপস্থিতিত চাহ-জনগোষ্ঠী আৰু আদিবাসী সংগঠনৰ প্ৰতিনিধিৰে বৈঠক সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাৰ

দিছপুৰত সাংসদ-মন্ত্ৰীৰ উপস্থিতিত চাহ-জনগোষ্ঠী আৰু আদিবাসী সংগঠনৰ প্ৰতিনিধিৰে বৈঠক সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাৰ
চাহ-জনগোষ্ঠী তথা আদিবাসীসকলৰ সকলো সমস্যা সমাধানৰ বাবে মুখ্যমন্ত্ৰী মহোদয়ৰ আন্তৰিক প্ৰয়াসত ৰাজ্য চৰকাৰে অহৰহ কাম কৰি আছেঃ মন্ত্ৰী পীযুষ হাজৰীকা

ৰঙিলী বাৰ্ত্তাসেৱা-  অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই দিছপুৰৰ জনতা ভৱনত কেইবাগৰাকী সাংসদ আৰু মন্ত্ৰীৰ উপস্থিতিত আদিবাসী আৰু চাহ-জনগোষ্ঠীৰ কেইবাটাও সংগঠনৰ প্ৰতিনিধিৰে জনগোষ্ঠীটোৰ বিভিন্ন বিষয়ত এক আলোচনাত মিলিত হয়। সাংসদ ৰামেশ্বৰ তেলী, কামাখ্যা প্ৰসাদ তাছা, ৰাজ্য চৰকাৰৰ মন্ত্ৰী সঞ্জয় কিষাণ, অসম ৰাজ্যিক পৰিবহন নিগমৰ অধ্যক্ষ পল্লব লোচন দাস, প্ৰাক্তন মন্ত্ৰী তথা চাহ জনজাতি জাতীয় সন্মিলনীৰ সভাপতি পৃথিৱী মাঝি, অসম চাহ জনজাতি ছাত্ৰ সন্থা আৰু সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিনিধি উপস্থিত থকা উক্ত বৈঠকত আদিবাসী তথা চাহ-জনগোষ্ঠীৰ লোকসকলৰ বিভিন্ন বিষয়ত বিশদভাৱে আলোচনা কৰা হয়। ৰাজ্যখনৰ চাহ-জনগোষ্ঠীয় তথা আদিবাসী লোকসকলে অন্যান্য পিছপৰা শ্ৰেণীৰলৰ বাবে লাভ কৰি থকা জাতিগত প্ৰমাণ পত্ৰ একাংশ লোকে বিধিবহিৰ্ভূতভাৱে লাভ কৰা বুলি উত্থাপিত অভিযোগৰ ক্ষেত্ৰত কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলি মন্ত্ৰী হাজৰীকাই সকলোকে নিশ্চিতি প্ৰদান কৰে।এইঃ ক্ষেত্ৰত বিভাগীয় বিষয়াক মন্ত্ৰীগৰাকীয়ে প্ৰয়োজনীয় ব্যৱস্থা ল’বলৈ নিৰ্দেশনা প্ৰদান কৰে । অসম চৰকাৰে চাহ জনগোষ্ঠী তথা আদিবাসী লোকসকলৰ বাবে চিকিৎসা মহাবিদ্যালয়ত বিশেষ আসন সংৰক্ষণ তথা চৰকাৰী চাকৰিত সংৰক্ষণৰ ব্যৱস্থা কৰা কাৰ্যক আজিৰ আলোচনাত প্ৰায় সকলো সংগঠনৰ প্ৰতিনিধিবৰ্গই প্ৰশংসা কৰে। প্ৰাক্তন মন্ত্ৰী তথা চাহ জনজাতি জাতীয় সন্মিলনীৰ সভাপতি পৃথিৱী মাঝিয়ে এই কথা উল্লেখ কৰি কয় যে অন্যান্য পিছপৰা শ্ৰেণীৰ ভিতৰতে চাহ-জনগোষ্ঠীয় ভাই ভনীসকলৰ বাবে চৰকাৰী চাকৰি আৰু চিকিৎসা মহাবিদ্যালয়ত আসন সংৰক্ষণৰ ব্যৱস্থা কৰা কাৰ্য অসম চৰকাৰে নিজস্ব সদিচ্ছাৰে কৰিছে, এই ক্ষেত্ৰত কোনো সাংবিধানিক বাধ্যবাধকতা নাছিল।সভাত মন্ত্ৰী হাজৰীকাই আৰু জনায় যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা মহোদয়ে চাহ-জনগোষ্ঠী তথা আদিবাসীসকলৰ সকলো বিষয় অতি আন্তৰিকতাৰে বিবেচনা কৰি আছে আৰু নৱেম্বৰ মাহৰে তৃতীয় অথবা চতুৰ্থ সপ্তাহত তেওঁলোকৰ বিভিন্ন বিষয়সমূহ আলোচনা তথা সমাধান কৰিবলৈ মুখ্যমন্ত্ৰী মহোদয়ে জনগোষ্ঠীটোৰ সকলো সংগঠনৰ প্ৰতিনিধিৰে মিলিত হ’ব ।ইয়াৰ মাজতে সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ মন্ত্ৰীগৰাকীয়ে বিভাগীয় আয়ুক্ত-সচিবক জাতিগত প্ৰমাণ পত্ৰকে ধৰি বিভাগে কৰি থকা জনগোষ্ঠীটোৰ সৈতে জড়িত কামসমূহ নিয়াৰিকৈ সম্পন্ন কৰিবলৈ নিৰ্দেশ দিয়ে। আনহাতে জনগোষ্ঠীটোৰ এই সংগঠনসমূহে যদি কোনো জাতিগত প্ৰমাণ পত্ৰৰ বিৰুদ্ধে অভিযোগ প্ৰদান কৰে সেই অভিযোগৰ ওপৰত ন্যায়ালয়ৰ নিৰ্দেশানুসৰি কম সময়ৰ ভিতৰতে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ তেওঁ নিৰ্দেশনা প্ৰদান কৰে।