দশম স্থানপ্ৰাপ্ত মায়ং আগৰৱাল

দশম স্থানপ্ৰাপ্ত মায়ং আগৰৱাল

ৰঙিলী বাৰ্ত্তাসেৱা-  সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত গুৱাহাটীৰ ছাত্ৰীবাৰীস্থিত নিকলচ হাইস্কুলৰ পৰা মায়ং আগৰৱালই দশম স্থান লাভ কৰি বিদ্যালয়ৰ লগতে অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে৷সৰ্বমুঠ ৫৮৮ নম্বৰ পোৱাৰ বিপৰীতে ইংৰাজীত ৯৪,এমআইএল(হিন্দী)ত ৯৭,সমাজ বিজ্ঞানত ৯৭,বিজ্ঞানত ১০০,গণিতত ১০০,ঐশ্বিক গণিতত ১০০ পাবলৈ সক্ষম হৈছে৷৯৮ শতাংশৰে উত্তীৰ্ণ হোৱা মায়ঙে পৰীক্ষাৰ আগত ইংৰাজী,হিন্দী,সমাজ বিজ্ঞানত ঘৰুৱা শিক্ষকৰ সহায় লোৱা কথা এই প্ৰতিবেদকক জানিবলৈ দিয়ে৷তাৰোপৰি তেওঁ প্ৰতিদিনে প্ৰায় ১০ ঘন্টাকৈ পঢ়াৰ উপৰিও আজৰি সময়ত মোবাইলত গান শুনি ভাল পোৱাৰ কথা সদৰি কৰে৷মায়ঙে বিজ্ঞান শাখাত নামভৰ্তি কৰি ভৱিষ্যতে অভিযন্তা হোৱাৰ সপোন থকা বুলি জানিবলৈ দিয়ে৷মায়ঙ আগৰৱালৰ দেউতাক ব্যৱসায়ী মহেশ আগৰৱাল আৰু মাতৃ লক্ষ্মী আগৰৱাল৷তেওঁৰ ফলাফলত বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী,ছাত্ৰ-ছাত্ৰী,দেউতাক,মাকৰ লগতে অঞ্চলটোৰ স্থানীয় ৰাইজে গৌৰৱ অনুভৱ কৰা দেখা গৈছে৷