দলগাঁৱত শোকাৱহ পথ দুর্ঘটনা

pc- onmanorama

দলগাঁৱত শোকাৱহ পথ দুর্ঘটনা

ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যত সংঘটিত হৈছে আন এক ভয়ংকৰ পথ দুৰ্ঘটনা। দৰং জিলাৰ দলগাঁৱৰ শিলবৰীত সংঘটিত হৈ এই ভয়ংকৰ পথ দুৰ্ঘটনাটো।এই শোকাৱহ পথ দুর্ঘটনাটোত বাইক আৰোহী স্বামী-স্ত্ৰীৰ কৰণ মৃত্যু হয়। জানিব পৰা মতে, এ এছ ১৩ এছ-৪৮০৯ নম্বৰৰ বাইকখনেৰে শিলবৰীৰ পৰা দলগাঁও অভিমুখে আহি থকা অৱস্থাত এ এছ ০১ কে চি-১৭২১ নম্বৰৰ মালবাহী ট্রাকখনে সন্মুখৰ পৰা খুন্দিওৱাৰ ফলত বাইক আৰোহী মুছলিম উদ্দিনৰ (৩৫) ঘটনাস্থলীতে আৰু তেওঁৰ পত্নী মাজেদা খাতুনৰ চিকিৎসালয়লৈ নিয়া অৱস্থাতে মৃত্যু হয়। বাইকত থকা মুছলিম উদ্দিনৰ কিশোৰ পুত্ৰ মাজম আলী (১৩) আৰু নাতিনী আতিকা বেগম (৭) গুৰুতৰভাৱে আহত হৈছে। নিহত মুছলিম উদ্দিনৰ ঘৰ দলগাঁও থানাৰ অন্তৰ্গত টাকিমাৰী গাঁৱত আৰু পত্নীৰ মাতৃৰ ঘৰ শিলবৰীত। স্বামী-স্ত্রীয়ে ল’ৰা আৰু নাতিনীক লৈ শিলবৰীৰ পৰা নিজৰ ঘৰৰ ফালে আহি থকা অৱস্থাতে এই মর্মান্তিক ঘটনাটো সংঘটিত হয়। ঘটনাস্থলীত শিলবৰী আৰক্ষী চকীৰ আৰক্ষী আৰু দলগাঁও থানাৰ আৰক্ষী উপস্থিত হৈ ঘটনাৰ বুজ লোৱাৰ লগতে মৃতদেহ মৰণোত্তৰ পৰীক্ষা কৰিবলৈ মঙলদৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।