দদৰাৰ যুৱ নাট্যকাৰ ভাস্কৰ জ্যোতি দাসৰ নাট “শক্তি ৰূপা“ যোৰহাট কৃষি বিশ্ব বিদ্যালয়ত মঞ্চস্থ

দদৰাৰ যুৱ নাট্যকাৰ ভাস্কৰ জ্যোতি দাসৰ নাট “শক্তি ৰূপা“ যোৰহাট কৃষি বিশ্ব বিদ্যালয়ত মঞ্চস্থ

ৰঙিলী বাৰ্ত্তাসেৱা- কালি যোৰহাট কৃষি বিশ্ব বিদ্যালয়ৰ “বিশ্ব বিদ্যালয় সপ্তাহ”ত যুৱ নাট্যকাৰ ভাস্কৰ জ্যোতি দাসৰ নাৰীবাদী নাটক “শক্তি-ৰূপা“ মঞ্চস্থ হয়৷ নাটখনিত নাট্যকাৰে সাম্প্ৰতিক সমাজৰ জলন্ত সমস্যা নাৰীজনিত অপৰাধক কেন্দ্ৰত ৰাখি সমাজ পৰিবৰ্তনৰ দিশটি উন্মোচন কৰিছে৷ “নাৰী হ’ল মাতৃ, আদি শক্তি৷ এই আদি শক্তিক যিমান দিনলৈ অন্তৰ্মুখী হিচাপে ৰখা হ’ব, সিমান দিনলৈ সমাজৰ পৰা নাৰীজনিত অপৰাধ মষিমূৰ নহ’ব৷“ এই ধাৰণাকি মুল হিচাপে লৈ ৰচিত বাস্তৱধৰ্মী সামাজিক নাটখনি পৰিচালনা কৰে দেৱব্ৰত শইকীয়াই আৰু আৱহ সংগীত প্ৰদান কৰে গৌৰাংগই৷ য’ত অভিনয় কৰে বিশ্ববিদ্যালয় খনিৰ ১২ নং ছোৱালী আৱাসৰ ছাত্ৰী বনিছা কোঁচ, ইৰিণা ডেকা, দেৱাৰ্চনা বৰুৱা, মুছফিকা হাচান, ভুনা কেমপ্ৰাই, কৃষ্ণা দাস, প্ৰিয়ংকা হাজৰিকা আৰু ফিৰদৌছী চায়েদ লগতে নাটখনিৰ একমাত্ৰ পুৰুষ চৰিত্ৰটি ৰূপায়ণ কৰে জিজ্ঞাস দাসে৷