দক্ষিণ কামৰূপ হাইস্কুল অৱসৰপ্ৰাপ্ত শিক্ষক কৰ্মচাৰী সংস্থাৰ আলোচনা সভা
শৈলেন কুমাৰ,মিৰ্জা,ৰঙিলী বাৰ্ত্তাসেৱা- প্ৰাদেশীকৃত বিদ্যালয়ৰ শিক্ষক- কৰ্মচাৰী সকলৰ অৱসৰৰ পিছৰ দিন সমূহ যে বৰ্তমান পৰিস্থিতিত পেঞ্চন অবিহনে দুৰ্বিষহ হয় তাকেলৈ পৰ্য্যালোচনা সভা ২ মাৰ্চ ৰবিবাৰে ৰামপুৰৰ কালিপ্ৰসাদ দাস হাইস্কুলত অনুষ্ঠিত হয় ৷ সভাত দক্ষিণ কামৰূপ হাইস্কুল অৱসৰপ্ৰাপ্ত শিক্ষক- কৰ্মচাৰী সংস্থাৰ সভানেত্ৰী দেৱযানী দেৱানৰ সভাপতিত্বত পেঞ্চন সন্দৰ্ভত প্ৰস্তাৱ গ্ৰহণ কৰা হয় ৷ অসমত বৰ্তমানলৈকে দহ হেজাৰ প্ৰাদেশীকৃত বিদ্যালয়ৰ শিক্ষক পেঞ্চন পোৱাৰ পৰা বঞ্চিত হৈ আছে ৷ দক্ষিণ কামৰূপ হাইস্কুল অৱসৰপ্ৰাপ্ত শিক্ষক- কৰ্মচাৰী সংস্থাৰ পৰা চৰকাৰক বৰ্তমানলৈ বহু বাৰ পেঞ্চন সন্দৰ্ভত আবেদন কৰিছে যদিও চৰকাৰৰ পৰা কোনো সঁহাৰি পোৱা নাই ৷ সভাত বিশেষকৈ ২০১৩ ইং বৰ্ষত প্ৰাদেশীকৃত বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক কৰ্মচাৰী সকলৰ পেঞ্চনৰ কথা পৰ্য্যালোচনা কৰে ৷ গুৰুত্বপূৰ্ণ চৰকাৰে যদি অতিশীঘ্ৰে দক্ষিণ কামৰূপ হাইস্কুলৰ অৱসৰপ্ৰাপ্ত শিক্ষক- কৰ্মচাৰী সংস্থাৰ দাবী সমূহ পূৰণ নকৰে সভাই পৰিস্থিতি সাপেক্ষে আইনগত ব্যৱস্থাৰ মাধ্যমেৰে হ’লেও প্ৰাপ্য আদায়ৰ ব্যৱস্থা কৰিবলৈ বাধ্য হ’ব বুলি সিদ্ধান্ত কৰে ।