দক্ষিণ কামৰূপ জিলা বিজেপিৰ বাটৰহাটত সংবাদমেল
বাজেট ২০২৫-২৬ সন্দৰ্ভত এই সংবাদমেল
শৈলেন কুমাৰ ,মিৰ্জা,ৰঙিলী বাৰ্ত্তাসেৱা- পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়া আৰু দক্ষিণ কামৰূপ জিলা বিজেপি সভাপতি অঞ্জন কুমাৰ গোস্বামীয়ে আজি বাটৰহাটস্থিত বিজেপিৰ কাৰ্যালয়ত এখন সংবাদমেল অনুষ্ঠিত কৰে। বাজেট ২০২৫-২৬ সন্দৰ্ভত এই সংবাদমেলৰ আয়োজন কৰে। এই সংবাদমেল সম্বোধন কৰি পোন প্ৰথমে সদ্য ঘোষিত বাজেটক জনকল্যাণমুখী বাজেট বুলি প্রশংসা কৰে বিধায়ক হেমাংগ ঠাকুৰীয়াই। তেওঁ লগতে মুখ্যমন্ত্ৰী ড.হিমন্ত বিশ্ব শৰ্মা আৰু বিত্তমন্ত্ৰী অজন্তা নেওগক দক্ষিণ কামৰূপ জিলা বিজেপিৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰে। তেওঁ কয় অৰুণোদয় আঁচনিৰ জৰিয়তে ১২৫০ টকা পোৱা মহিলা সকলে সঞ্জীৱনী দৰে কাম কৰিছে। এইবাৰ বাজেট অনুসৰি ৩৭ লাখ ২০ হেজাৰ মহিলাৰ বাবে ৫০০০ কোটি টকা অৰুণোদয় বাবে ধাৰ্য্য কৰা হৈছে। নিযুত মইনা আঁচনিৰ জৰিয়তে পলাশবাৰী সমষ্টিৰ উপৰিও সমগ্ৰ অসমৰ ছাত্ৰী সকলে উপকৃত হৈছে। ৩৯১ কোটি টকা নিযুত মইনা আঁচনিৰ বাবে বাজেটত লোৱা হৈছে।মু্খ্যমন্ত্ৰী আত্মনির্ভৰশীল আঁচনিৰ জৰিয়তেও যুৱক সকল আত্মনির্ভৰশিল হৈছে। এই আঁচনিৰ বাবে ৭৪৩ কোটি টকা নিৰ্ধাৰণ কৰিছে। নিৱনুৱাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী যি ধৰণে কৈছিল তাতকৈ বেছি চাকৰি মুখ্যমন্ত্ৰীয়ে এক টকা নোলোৱাকৈ দিছে বুলি তেওঁ মুখ্যমমন্ত্ৰীৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে। ৰাজ্যখনক আগবঢ়াবলৈ কিছুমান গাওঁ নগৰলৈ পৰিৱৰ্তন কৰিবলৈ ৮ হেজাৰ কোটি টকা বাজেটত লৈছে। প্ৰথম এডভান্টেজ আছামৰ ফলত ৮৭২৯১কোটি টকা বিনিয়োগ হৈছে অসমত। ৫ লাখ ১২হেজাৰতকৈ অধিক টকা এইবাৰৰ এডভান্টেজ আছাম ২.০ ত বিনিয়োগ হৈছে। দক্ষিণ কামৰূপৰ বহু হাইস্কুল নতুনকৈ বনাই থকা হৈছে। অহা ১৯ তাৰিখে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পলাশবাৰী সমষ্টিত অসম চৰকাৰৰ গৃহ প্ৰদান অনুষ্ঠান কেন্দ্ৰীয়ভাৱে শুভাৰম্ভ কৰিব। দক্ষিণ কামৰূপৰ ১৬ খন আসনত ৰাভা হাচংত নিৰ্বাচনত ১৬ খনতে জয়ী হ’ব বুলি বিশ্বাসী। ৩ খন আসনত বিজেপিয়ে প্ৰতিনিধিত্ব কৰিব দক্ষিণ কামৰূপ জিলাত। ইয়াৰ ভিতৰত বোন্দাপাৰা, বামুনিগাওঁ আৰু শিলপুতাত প্ৰাৰ্থী দিব। এইবাৰ পলাশবাৰী সমষ্টিত নিৰ্মান হবলগীয়া আয়ুৰ্বেদিক কলেজৰ বাবে ১৮৪ কোটি টকা নিৰ্ধাৰণ কৰা হৈছে বুলি উল্লেখ কৰে। উল্লেখ যে,বিধায়ক হেমাংগ ঠাকুৰীয়াই এই সংবাদমেল অনুষ্ঠিত কৰি কেৱল চৰকাৰ তথা মুখ্যমন্ত্ৰী ড.হিমন্ত বিশ্ব শৰ্মাৰ জয়গুণ গায়। তেওঁ লগতে বিৰোধী দলক কটাক্ষ কৰে। বিপৰীতে এই পলাশবাৰী সমষ্টিত হাতী মানুহৰ সংঘাত,নিৱনুৱাৰ সমস্যা,কৃষিভূমিৰ সংকট আদি দূৰ কৰিবলৈ কোনো ব্যবস্থা গ্রহণ কৰিবলৈ সক্ষম হোৱা নাই। ফলত ৰাইজ বিপাঙত পৰিছে। চৰকাৰৰ মন্ত্ৰী বিধায়ক তথা খোদ বিধায়ক হেমাংগ ঠাকুৰীয়াই তেওঁৰ পৰিয়ালবৰ্গ তথা অঙহী বঙহীৰ নামত পলাশবাৰী সমষ্টিত বহু বিঘা কৃষিভূমি ক্ৰয় কৰিছে। কিন্তু ৰাইজৰ বিলাই বিপত্তিৰ প্ৰতি অকণো কাণসাৰ নাই। কেৱল আশ্বাস প্ৰতিশ্ৰুতি দি তথা চৰকাৰৰ জয়গুণ গাই এইদৰে পাৰ কৰিছে মূল্যবান সময়। আজি বহুদিন ধৰি তেওঁ আয়ুৰ্বেদিক চিকিৎসালয়ৰ প্ৰসংগ উত্থাপন কৰিয়ে দায়িত্ব সামৰাৰ অভিযোগ উত্থাপন হৈছে। আনহাতে দক্ষিণ কামৰূপ জিলা বিজেপিৰ সভাপতি অঞ্জন কুমাৰ গোস্বামীয়েও এইবাৰৰ বাজেট সন্দৰ্ভত বক্তব্য প্ৰদান কৰে।