দক্ষিণ কামৰূপৰ নিজানৰ কবিৰূপে খ্যাত মমত মজুমদাৰ পাহৰণিৰ গৰ্ভত

দক্ষিণ কামৰূপৰ নিজানৰ কবিৰূপে খ্যাত মমত মজুমদাৰ পাহৰণিৰ গৰ্ভত

শৈলেন কুমাৰ,মিৰ্জা,ৰঙিলী বাৰ্ত্তাসেৱা- দক্ষিণ কামৰূপৰ গদেবৰীৰ নিবাসী মমত মজুমদাৰৰ সৃষ্টিৰাজি তেখেতৰ জীৱনজোৰা সাধনা সাহিত্যৰ কবিতাৰ মাধ্যমৰে অনাবিল তেখেতৰ জীৱনযাত্ৰা সমাজ তথা সৰ্বসাধাৰণ বাবে উচৰ্গিত ৷ তেখেতৰ সৃষ্ট কবিতা সমূহত বিচাৰি পোৱা যায় সমাজ তথা মানুহৰ প্ৰতি তেখেতৰ অজস্ৰ ভালপোৱা ৷ হাবি – জংঘলৰে আবৰা তামোলৰ ধেকনাৰ বেৰৰ জৰাজীৰ্ণ পঁজাটোকে সম্বল কৰিলৈ তেখেতে সৃষ্টি কৰি গৈছে নৱনৱ মানৱদৰদী কবিতা। নিৰ্জনতা তেখেতৰ প্ৰিয় তাৰবাবে তেখেতৰ পৰিচয় নিজানৰ কবি ৷ সমাজজীৱনৰ প্ৰতি তিলমানো আক্ষেপ নথকা স্বভিমানী মমত মজুমদাৰ চতালৰে বনৰীয়া হাতী,অজগৰ সৰ্প,শিয়াল পাৰ হৈ যায় তথাপি তেখেতৰ কাৰো প্ৰতি অভিযোগ নাই ৷ সমাজৰ প্ৰতি সাহিত্যৰ মাজৰে তেখেতৰ অবদান অমূল্য ৷ কিন্তু দক্ষিণ কামৰূপৰ ৰাইজ তথা চৰকাৰ প্ৰশাসনৰো এনে শিল্পী,সাহিত্যিক, কবি সকলক জনমানসৰ মাজত প্ৰচাৰ – প্ৰসাৰৰ যোগেদি আগুৱাই অনাৰ ক্ষেত্ৰত কৰণীয় থকা বুলি ভাৱোঁ ৷গুৰুত্বপূৰ্ণ এখন দেশৰ অস্তিত্ব দেশখনৰ শিল্পসাহিত্যৰ ওপৰত নিৰ্ভৰ কৰে যদি শিল্পসাহিত্যৰ গুৰিধৰতা সকলক আমি মান- মৰ্যাদা দিব নোৱাৰোঁ তেতিয়া হ’লে দেশৰ ভৱিষ্যত তথৈৱচ হোৱাত একপ্ৰকাৰে নিশ্চিত ৷ গতিকে ৰাইজে চৰকাৰৰ সহায়ত সাহিত্যৰ এনে সম্পদ সমূহক ৰক্ষণাবেক্ষণ দি দেশ আৰু মানৱজীৱনৰ হকে কাম কৰিব বুলি আশা ৰাখিব পাৰি ৷