দক্ষিণ কামৰূপৰ জেষ্ঠ্য সাংবাদিক বলেন কলিতাৰ দেহাৱসান

দক্ষিণ কামৰূপৰ জেষ্ঠ্য সাংবাদিক বলেন কলিতাৰ দেহাৱসান 

অঞ্চলজুৰি গভীৰ শোকৰ ছাঁ

তেখেতৰ আত্মা চিৰশান্তি কামনা কৰি দক্ষিণ কামৰূপ প্ৰেছ ক্লাবে ৭৫ খন বন্তি প্ৰজ্বালন কৰে

শৈলেন কুমাৰ,মিৰ্জা,ৰঙিলী বাৰ্ত্তাসেৱা- দক্ষিণ কামৰূপৰ কৃতী শিক্ষক, জেষ্ঠ্য সাংবাদিক, বলেন কলিতাৰ যোৱা ১২ মাৰ্চ বুধবাৰে দেহাৱসান ঘটে ৷ ৭৫ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে জেষ্ঠ্য সাংবাদিক গৰাকীয়ে ৷ পলাশবাৰীৰ হুদুমপুৰৰ নিবাসী প্ৰাক্তন শিক্ষক তথা জেষ্ঠ্য সাংবাদিক বলেন কলিতাক যোৱানিশা ১০ বজাত উচ্চ ৰক্তচাপ জনিত কাৰণত তেখেতক চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও চিকিৎসকে তেখেতক মৃত ঘোষণা কৰে ৷ আজি তেখেতৰ বাসগৃহত নশ্বৰ দেহত সাংবাদিক সকলৰ লগতে বিভিন্ন দল সংগঠনৰ প্ৰতিনিধিয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে । দক্ষিণ কামৰূপবাসীয়ে এগৰাকী অভিভাৱক আৰু সু-পৰামৰ্শদাতা হেৰুৱাই শোকত মৰ্মাহত হ’ল ৷ অহা ১৬ মাৰ্চ ৰবিবাৰে দক্ষিণ কামৰূপ প্ৰেছ ক্লাবৰ উদ্যোগত আয়োজিত আলোচনাচক্ৰ আৰু সম্বৰ্ধনা অনুষ্ঠানত তেখেতক সম্বৰ্ধনা জনোৱাৰ কথা আছিল ৷ আজি তেখেতৰ নিজা বাসভৱনত তেখেতক শেষ শ্ৰদ্ধাঞ্জলি জনাবলৈ দক্ষিণ কামৰূপ প্ৰেছ ক্লাব,হুদুমপুৰ ৰাইজ গয়ৰহ, শতদল পলাশবাৰী সাহিত্য সভা,উপৰহালী প্ৰগতিশীল সাহিত্য সভা,পলাশবাৰী ৰাস মহোৎসৱ সমিতি,পলাশবাৰী ৰঙালী বিহু সন্মিলন,ইউ পি মিডিয়া চাউথ কামৰূপ,পলাশবাৰী ৰাজ্যিক ব্যৱসায়ী পৰিচালনা সমিতি, দক্ষিণ কামৰূপ সাংবাদিক সন্থা,দক্ষিণ কামৰূপ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী সন্থা,মিৰ্জা নাট্য গোষ্ঠী,দক্ষিণ কামৰূপ কবি সমাজ,দক্ষিণ কামৰূপ কলা- সাহিত্য সংস্কৃতি,সাহিত্য- সংস্কৃতি বিকাশ গোষ্ঠী কামৰূপ,দক্ষিণ কামৰূপ ছাত্ৰ সন্থা,অসম জাতীয় পৰিষদ কামৰূপ,উপৰহালী ৰাইজ গয়ৰহ চিলাৰায় ভৱন আদি উপস্থিত থাকি তেখেতক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷ আনহাতে আজি উপৰহালীৰ চ’কত অৱস্থিত চিলাৰায় ভৱনত তেখেতৰ আত্মাৰ চিৰশান্তিৰ বাবে ৭৫ খন বন্তি প্ৰজ্বালন কৰে দক্ষিণ কামৰূপ প্ৰেছ ক্লাবৰ সভাপতি অশ্বিনী কুমাৰ তালুকদাৰ,সম্পাদক বিশ্বজিৎ কলিতা,প্ৰতিষ্ঠাপক সম্পাদক অনিল কলিতা,সাংবাদিক পৰিষদ কামৰূপ জিলাৰ দৈনিক জনমভূমিৰ সাংবাদিক দীপক কলিতা,পলাশবাৰী সমষ্টিৰ বিজেপিৰ যুৱনেতা অনুপ কুমাৰ মেধি,অসম জাতীয় যুৱ পৰিষদৰ মদন দাস,দক্ষিণ কামৰূপ ছাত্ৰসন্থাৰ সম্পাদক নিৰোধ দাস উপস্থিত থাকি পুষ্পাঞ্জলি আৰু শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি মৃতকক আত্মাৰ সদগতি কামনা কৰি পৰিয়াল বৰ্গক সমবেদনা জ্ঞাপন কৰে৷ তেখেতে ইহলীলা সম্বৰণ কৰি এই সংসাৰত পত্নী,দুই পুত্ৰ,আৰু কন্যাৰ লগতে গুণমুগ্ধ সকলক এৰি থৈ যায় ৷