দক্ষিণ কামৰূপক গৌৰাৱাম্বিত কৰা খো-খো ৰেফাৰী ৰূপা দাস ঠাকুৰীয়াক সম্বৰ্ধনা
শৈলেন কুমাৰ, মিৰ্জা, ৰঙিলী বাৰ্ত্তাসেৱা- ২২ জানুৱাৰী বুধবাৰে দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিৰ কোকঝাৰৰ গাওঁৰ নিবাসী আন্তঃৰাষ্ট্ৰীয় খো- খো খেলৰ উত্তৰপূৰ্বাঞ্চলৰ প্ৰথম মহিলা আন্তঃৰাষ্ট্ৰীয় ৰেফাৰী হিচাপে প্ৰতিনিধিত্ব কৰা ৰূপা দাস ঠাকুৰীয়াক অনুপমা অঞ্জলি মাহেকীয়া আলোচনীৰ ফালৰ পৰা সম্বৰ্ধনা জনোৱা হ’ল মিৰ্জাস্থিত কোকঝাৰৰ তেখেতৰ নিজস্ব বাসগৃহত ।সম্বৰ্ধনা জনাই মুখ্য সম্পাদক ড° শেৱালি দাস কলিতাই।লগতে সহঃ সম্পাদক কাঞ্চন সাউদ বৰা আৰু নিতুমনি ৰাভায়ো ৰূপা দাস ঠাকুৰীয়াক সম্বৰ্ধনা জনায়।নিতুমনি ৰাভাই ৰাভাসমাজৰ জাতীয় স্বভিমান ৰাভা পাজাৰেৰে মাহেকীয়া আলোচনী অনুপমা অঞ্জলিৰ মুখ্য সম্পাদককো সম্বৰ্ধনা জনায়। উল্লেখযোগ্য এবেলি অনুষ্ঠিত হৈ যোৱা আন্তঃৰাষ্ট্ৰীয় খো-খো বিশ্বকাপ প্ৰতিযোগিতাত ৰূপা দাস ঠাকুৰীয়াই উত্তৰপূৰ্বাঞ্চলৰ প্ৰথম গৰাকী মহিলা আন্তঃৰাষ্ট্ৰীয় ৰেফাৰী হিচাপে প্ৰতিনিধিত্ব কৰি সমগ্ৰ দক্ষিণ কামৰূপক গৌৰাৱাম্বিত কৰে ৷ ভাৰতত হৈ যোৱা বিশ্বকাপ খো-খো প্ৰতিযোগিতাত ভাৰতীয় দলে বিজয় সাব্যস্ত কৰে ৷