দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি চেম্পিয়নছ ট্রফীৰ ফাইনেলত নিউজিলেণ্ড
ৰঙিলী বাৰ্ত্তাসেৱা- চেম্পিয়নছ ট্ৰফী ২০২৫ৰ দ্বিতীয়খন ছেমি ফাইনেলত দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি নিউজীলেণ্ডে ফাইনেলত প্ৰৱেশ কৰে । লাহোৰৰ গাদ্দাফি ষ্টেডিয়ামত অনুষ্ঠিত দ্বিতীয়খন ছেমিফাইনেলত নিউজিলেণ্ডে দক্ষিণ আফ্রিকাক ৫০ ৰানত পৰাস্ত কৰে। এই মেচখনত কিৱি দলটোৱে টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰি দক্ষিণ আফ্ৰিকাৰ জয়ৰ বাবে ৩৬৩ ৰাণৰ বিশাল লক্ষ্য নিৰ্ধাৰণ কৰে । নিউজিলেণ্ডে জয়ৰ বাবে বান্ধি দিয়া ৩৬৩ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি ডেভিদ মিলাৰৰ বিস্ফোৰক অপৰাজিত শতকৰ সত্ত্বেও দক্ষিণ আফ্রিকাই নিৰ্ধাৰিত ৫০ অভাৰত ৯টা উইকেট হেৰুৱাই ৩১২ ৰান সংগ্ৰহ কৰে। মিলাৰে ৬৭টা বলত ১০টা চাৰি আৰু ৪টা ছয়েৰে ১০০ ৰান কৰি অপৰাজিত হৈ থাকে। মিলাৰৰ উপৰি ৰাছি ভান ডাৰ ডুছেনে ৬৯, অধিনায়ক টেম্বা বাভুমাই ৫৬ আৰু এইডেন মাৰ্কৰামে ৩১ ৰানৰ অৱদান আগবঢ়ায়। অপেনাৰ ৰিয়ান ৰিকেলটনে ১৭, হেনৰিচ ক্লাছেনে ৩ আৰু মুডলাৰে মাত্ৰ ৮ ৰানৰ অৱদানহে আগবঢ়ায়। নিউজিলেণ্ডৰ হৈ মিচেল ছাণ্টনাৰে সৰ্বাধিক তিনিটা উইকেট, মেট হেনৰী আৰু গ্লেন ফিলিপছে দুটাকৈ উইকেট দখল কৰাৰ বিপৰীতে মাইকেল ব্ৰেচৱেল আৰু ৰাচীন ৰবীন্দ্ৰই এটাকৈ উইকেট দখল কৰে । ইয়াৰ পূৰ্বে প্রথমে বেটিং কৰিবলৈ আহি ৰাচিন ৰবীন্দ্ৰ আৰু কেন উইলিয়ামছনৰ দুৰ্দান্ত শতকৰ সহায়ত নিউজিলেণ্ডে নিৰ্ধাৰিত ৫০ অভাৰত ৬টা উইকেট হেৰুৱাই ৩৬২ ৰান সংগ্ৰহ কৰে। ৰবীন্দ্ৰই ১০৮ আৰু উইলিয়ামছনে ১০২ ৰানৰ অৰিহণা আগবঢ়ায়। দলীয় স্ক’ৰ ৪৮ ৰানত উইল ইয়ঙৰ ৰূপত নিউজিলেণ্ডে প্রথমটো উইকেট হেৰুৱাই যদিও ৰবীন্দ্ৰ আৰু উইলিয়ামছনে দ্বিতীয় উইকেটত ১৬৪ ৰান সংগ্ৰহ কৰি দলটোক শক্তিশালী স্থিতিত উপনীত কৰায়। ইপিনে ডাৰিল মিচেলে ৩৭টা বলত ৪৯ আৰু গ্লেন ফিলিপছে ২৭টা বলত অপৰাজিত ৪৯ ৰান কৰে। দক্ষিণ আফ্ৰিকাৰ হৈ লুংগি এনগিৰিয়ে সর্বাধিক তিনিটা উইকেট লাভ কৰে। দেওবাৰে ডুবাইত হ’বলগীয়া ফাইনেল মেচখনত নিউজিলেণ্ডে টীম ইণ্ডিয়াৰে মুখামুখি হ’ব।