ত্ৰিপুৰাত ৩২খন আসনেৰে বিজেপিৰ একক সংখ্যাগৰিষ্ঠতা
ৰঙিলী বাৰ্ত্তাসেৱা- ত্ৰিপুৰাত পুনৰ ফুলিল পদুম। একক সংখ্যাগৰিষ্ঠতা লাভ কৰিলে বিজেপিয়ে। ৬০খন আসনযুক্ত ত্ৰিপুৰা বিধানসভাৰ মেজিক নাম্বাৰ হ’ল ৩১। কিন্তু ফলাফল সম্পূৰ্ণৰূপে ঘোষণা হোৱাৰ পূৰ্বেই ৩২খন আসন দখল কৰি একক সংখ্যাগৰিষ্ঠতা লাভ কৰিলে বিজেপি–আইপিএফটি মিত্ৰজোঁটে। বিজেপিৰ ছুনামিত উটি গ’ল তিপ্ৰাম’থা আৰু বাওঁ শিবিৰ। এই প্ৰতিবেদন লিখাৰ সময়লৈ ৰাজ্য, ৰাজ্যখনৰ ৬০খনৰ ভিতৰত ৫৮খন আসনৰ ফলাফল ঘোষণা হৈছে। ইয়াৰ ভিতৰত বিজেপিয়ে ৩২খন আসন লাভ কৰিছে। CPI(M)–এ ১০খন আসন, কংগ্ৰেছে তিনিখন আৰু তিপ্ৰাম’থাই লাভ কৰিছে ১৩খন আসন। এই বিজয়ৰ পিছতে মুখ্যমন্ত্ৰী মাণিক সাহাই সংবাদমেল সম্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জনায়। মাণিক সাহাই কয়, ‘‘প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জনাইছোষ প্ৰধানমন্ত্ৰীয়ে ত্ৰিপুৰাৰ লগতে সমগ্ৰ উত্তৰ–পূবক গুৰুত্ব প্ৰদান কৰিছে। ত্ৰিপুৰালৈ তেওঁ নিজে আহিছে। প্ৰধানমন্ত্ৰী প্ৰতিটো মুহূৰ্ততে ত্ৰিপুৰাবাসীৰ লগত আছে।’’