তোমাৰ হৃদয়খন চুই চাব পৰা হ’লে – ৰুমী কলিতা দত্ত

তোমাৰ হৃদয়খন চুই চাব পৰা হ’লে
   ৰুমী কলিতা দত্ত
 ২ নংকেন্দুগুৰি
তোমাৰ হৃদয়খন চুই চাম বুলিয়েইতো
বহুদিনৰ পিছত  মুখামুখি হৈছিলোঁ
এখন বিশাল সাম্ৰাজ্যত ।
কিন্তু !!
তোমাৰ মৌন ওঁঠযোৰ
নিথৰ চকুযোৰ দেখি
মই বিচলিত হৈ পৰিলোঁ ।
মোৰ হৃদয়খন দিনে দিনে শূন্যহৈ পৰাৰ দৰে
তোমাৰখনো যদি শূন্য হৈ পৰিছে…
নাই নহয় চাগৈ !
তুমি হয়তো সীমনা পাৰ হৈ
আকাশৰ নীলাৰ স’তে ওমলি আছা !
মইহে অন্তৰৰ কোণত
একোকেই ঠাই দিব নোৱাৰা হৈ
বিষাদবোৰক আঁকোৱাালি লৈছোঁ।
এবাৰলৈ যদি সুধিলাহেঁতেন
মই কেনে আছোঁ
মোৰ আত্মাই শান্তিৰ আসন পাৰি
এটি দীঘল উশাহ টানিলেহেঁতেন !
বুজিও নুবুজিলা
দেখিও নেদেখিলা
হৃদয়খন এবাৰ চুই চাবলৈ নিদিলা!
হৃদয়ৰ যন্ত্ৰণা কিমান ?
কলিজা চিৰাচিৰ কৰি
প্ৰেমৰ শুভ্ৰ মালাধাৰ চিঙি
সকলো দিলা বিসৰ্জন
এতিয়া তুমি নতুন পথৰ যাত্ৰী ।
মোৰ কলিজাৰ জ্বলি ৰোৱা ঠাইখন
এবাৰ আহি চুই যোৱা
তেতিয়াহে মোৰ আত্মাই শান্তিৰে বসবাস কৰিব
দুখবোৰ ঢাকি ৰাখি
হাঁহিৰে কেনেকৈ যে জীৱন সজাইছোঁ
এবাৰ আহি শুনি যোৱা !
কবিতাৰ সমুদ্ৰত সাঁতুৰিবলৈ ধৰাৰে পৰা
লিপিবদ্ধ কৰিছোঁ জীৱন যন্ত্ৰণা
পাই হেৰুৱাবৰ মন নাথাকিলেও
হেৰুৱাই পেলাইছোঁ সমন্ধৰ মালা
বিৰামহীন গতিত
শিমলু-পলাশে বাৰে বাৰে তোমাৰ হৃদয়ৰ কথাকে সোধে
মই নিৰুত্তৰ!
হেঁপাহ মাথোঁ তোমাৰ হৃদয়খন এবাৰ চুই চোৱাৰ
মোৰ দৰে বাৰু
তোমাৰ হৃদয়তো জমা হৈছে নেকি
 যন্ত্ৰণা এসাগৰ।
এবাৰ আহি কৈ যোৱা
একাঁজলি লৈ যোৱা
হৃদয় জুৰোৱা প্ৰেমৰ সঁফুৰা।