তোমালৈ ৰৈ আছোঁ ৰঙালী
বিপিন টায়ে
ধেমাজি
কুউ কুউ বুলি কুলিয়ে আহি
ঘৰে ঘৰে দিছেহি
ব’হাগৰ আগজাননী
জাননী পাই ত’তেই নাই
ঢুলীয়া গৰাকীৰ ।
গছে গছে আজি
ন’ কুঁহিপাত মেলিছেহি
নাচনীজনীও দিছেহি জাননী
ফেচবুকতেই সাজি কাচি।
ঢুলীয়াই ঢোল লৈ, পেঁপুৱাই পেঁপা লৈ
সকলোৱে সাজু হৈ
পদূলি মুখত ৰৈ আছোঁ আমি
ৰঙালী তুমি সোনকালেই আহিব বুলি ।