তোমাতে…… – শুৱলা দাস

তোমাতে……

শুৱলা দাস,যোৰহাট

যিমানে নিৰৱতা বাহে,
নিশাৰ পলবোৰ গভীৰ হৈ পৰে……
তোমাৰ শব্দ আৰু সুৰৰ ঐকতানত
জীৱন জাগি উঠে।
কাকো নোকোৱা ভাৱবোৰে,
নিজেও নুবুজা
আশা বোৰে
অনুভতিৰ বাহিৰৰো দুখবোৰে
আশা আৰু হেপাহৰ
তৃপ্ততা প্ৰাপ্তিৰ  সুখানুভূতিৰো বহু উৰ্ধত
বহু আলোকবৰ্ষ বাট পাৰ হৈ
আহি
ভৰি পৰাহি যে মোৰ বুকুৰ কোঠালিত!
কি সৰগীয় মাদকতা!
তোমাৰে মোৰে
আলাপ
কোনো ভাষাৰে বৰ্ণাব নোৱাৰা।
ইমান আচ্ছাদ!!
ইমান গভীৰ ……
প্ৰশান্ত সাগৰো য’ত তৰাং।
নাযাবা,ইমাম সোনকালে
নুভতিবা !
থাকা আৰু কিছু সময়
আৰু দিয়া সেই
সিৱদি সুবাস
যি কোনো ঠাইতে,কোনো সুৰতে,
কোনো ভাষাতে
কোনো ঠিকনাতে পোৱা নাযায়।
কেৱল তোমাতে
কেৱল তোমাতে
কেৱল তোমাতে !
ইপাৰ আৰু সিপাৰৰ সাঁকোত
জী উঠাৰ
জীয়াই থকাৰ মাদকত!!