তোমাক লৈ
নন্দেশ্বৰ মিলি
হাজাৰ তৰাৰ মাজত যেন তুমি ধ্ৰুৱতৰা
জিলিকি থাকা নিজ পথত ওৰে ৰাতি
মোৰ জীৱনলৈ আহে যেতিয়া ঘোৰ আঁউসী
তুমি দেখুৱাই দিয়া এই পথিক।
ঢলং-পলং খোজ পদে পদে পিছল বাট
খলা-বমা ওখোৰা-মোখোৰা এয়া পৰো পৰো
তুমি দুহাত মেলি আগবঢ়াই দিয়া মোক
চুব খোজো সৌৱা দূৰৈৰ ৰামধনু।
শুনিছোঁ জিলিৰ ৰিণি-ৰিণি মাত
ভেদি আহিছে নিশাৰ নিস্তব্ধতা
ক’ৰবালৈ সাউৎকৈ উৰি গৈছে
নিশাৰ জাগ্ৰত প্ৰহৰী বাদুলী
তুমি যে মোৰ সদা সহচৰ
খোদিত থাকিব মোৰ মন-প্ৰাণত।
হেঁপাহৰ আদৰৰ আলফুলীয়া হৃদয়ৰ
যাৰ পৰশত পোখা মেলে নৱ উন্মেষৰ
তোমাৰ অবিহনে মোৰ জীৱন আধৰুৱা
তুমি যেন থাকা জনমে জনমে।