ৰমজানৰ কবিতা
তোমাক পাবলৈ…
মুহাম্মাদ আফজাল
মৈৰাবাৰী, মৰিগাঁও
তোমাক পাবলৈ মোৰ
ওৰে ৰমজান
ত্যাগ আৰু সংগ্ৰাম।
তোমাক পাবলৈ মোৰ
দিনে-ৰাতি
চিয়াম আৰু কিয়াম।।
তোমাক পাবলৈকে
ভোগ-বিলাসিতা পৰিহাৰ।
তোমাক পাবলৈকে
ৰিপু সমগ্ৰ পুৰি ছাৰখাৰ।।
ৰিক্ত হৃদয়ত এতিয়া
মাথোঁ তোমাৰ নাম,
তোমাৰ ধ্যান।
জীৱনৰ সৰ্ব স্তৰতে
মহামহিম প্ৰভু মোৰ,
তোমাৰ তুষ্টিৰে সন্ধান।।