তৃণমূল কংগ্ৰছত যোগদান

তৃণমূল কংগ্ৰছত যোগদান

ৰঙিলী বাৰ্ত্তাসেৱা- প্ৰাক্তন অ.জা.প. নেতা দুলু আহমেদ, শিশিৰ দেৱ কলিতা, সঞ্জীৱ মহন্তই আজি কলিকতাৰ তৃণমূল ভৱনত অসমৰ ৰাজ্যিক প্ৰভাৰী মলয় ঘটক আৰু সন্মানীয় ৰাজ্যসভাৰ সাংসদ সুস্মিতা দেৱৰ উপস্থিতিত আনুষ্ঠানিকভাৱে অসম তৃণমূল কংগ্ৰেছ দলত যোগদান কৰে। তেওঁলোলোক আটাইকে তৃণমূল কংগ্ৰেছৰ এই বৃহৎ পৰিয়ালটোলৈ আদৰণি জনায়। অনাগত সময়ত সন্মানীয় নেত্ৰী তথা পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী আৰু ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জীৰ সবল নেতৃত্বত উগ্ৰ-সাম্প্ৰদায়িকতাবাদী, স্বেচ্ছাচাৰী শাসনৰ বিৰূদ্ধে একেলগে যুঁজ দি মানৱ সমাজক কল্যাণৰ হকে সদায় কাম কৰি যাব।