তুলিকাৰ বুলনি
সংগীতা ডেকা, ৰঙিয়া
লিখি লিখি বুজিছোঁ
নিজৰ ছাঁটোৰ নীলৰঙী উশাহবোৰক
কাগজৰ বুকুত নিৰৱে জীয়াই ৰাখিব পাৰি
সংগোপনে পঢ়ি, নাইবা ৰ’দৰ কোলাত মেলি দি
শান্তনাও লভিব পাৰি…
দে, যি কি নহওক কিয়
এটোপ এন্ধাৰে গৈ,
পোহৰৰ বুকুত জিৰণি লোৱাৰ
সুযোগকণ পালে !
লিখি লিখি বুজিছোঁ
প্ৰতিবিম্বৰ ভিতৰৰ প্ৰতিবিম্বটোক
এনেয়ে শুৱাই থ’ব নোৱাৰি
দৰ্পণৰ বুকুত সিও তো জিলিকিব খোজে
এৰা, লিখি লিখিয়েই বুজিছোঁ…!