তুমি হেৰাই যোৱা নাছিলা
মীনাক্ষী বৰুৱা সূত
লখিমপুৰ
বসন্ত গুচি যোৱাৰ পিছত বৰ্ষাই কান্দি কান্দি
কৈছিল মোৰ বয়স এবছৰ কমি যোৱাৰ কথা
কৈছিল মোৰ বয়স এবছৰ কমি যোৱাৰ কথা
আজি ৰাতি বাৰ বজাত
মোৰ জন্মদিনলৈ
তুমি আহিছিলা কেক কাটিবলৈ
মই বুকুৰ দুৱাৰখন খুলি থৈছিলো
তুমি ভাগৰ পলাইছিলা,
তুমি হেৰাই যোৱা নাছিলা
তুমি মোৰ মনৰ পদূলিত
থিয় হৈ ৰৈ আছিলা!
তুমিও তোমাৰ বুকুৰ দুৱাৰখন
খুলি থবাছোন!!
আন্ধাৰৰ সুযোগ লৈ
নিজান ৰাতি
মৈদামৰ বিননিৰ ফাঁকেৰে
গোপনে সোমাই যাম মই—!!!