তুমি : হৃদয়ৰ গৰাকী – নাচিমা য়াচমিন

তুমি : হৃদয়ৰ গৰাকী

 নাচিমা য়াচমিন,বিশ্বনাথ চাৰিআলি 

তুমি মোৰ হৃদয়ৰ গোপন অনুভূতিৰ ফল,
আগুৰি থাকা গোটা মস্তিষ্ক, হিয়া;
হাজাৰ অস্থিৰতাৰ অৱসান ঘটাই
 দেহ মন শীতলাই দিয়া।
ভালপোৱাৰ আনটো নাম তুমি,
পূৰ্ণতাৰ আনটো নাম তুমি ;
তোমাতেই বিলীন মই
তুমিয়েই হৃদয়ৰ গৰাকী।
অদৃশ্য জনৰ ওচৰত এটাই প্ৰাৰ্থনা
তোমাৰ সকলো সপোন পূৰণ হওঁক ;
আশাবোৰ বাস্তৱত ৰূপান্তৰিত হওঁক।
মই আছোঁ , থাকিম তোমাৰেই লগত
সদায়, আজীৱন।